ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উৰনীয়া সেতু আধাৰশিলা কৰি কেইবাটাও আঁচনি ঘোষণা

197

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উৰনীয়া সেতু আধাৰশিলা কৰি কেইবাটাও আঁচনি ঘোষণা

দুৰ্নীতিৰ দৰ্পণ সেৱা , ডিব্ৰুগড় , ১ অক্টোবৰ : কেইবাটাও কাৰ্যসূচী লৈ ডিব্ৰুগড়ত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা । ২০১৯-২০ বৰ্ষৰ ৰাজ্যিক স্ব অগ্ৰাধিকাৰ আঁচনি (SOPD(G) ৰ অধীনত ৪৯ কোটি টকাৰে নিৰ্মাণ হবলগীয়া ডিব্ৰুগড় কনভয় ৰোড আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগী উৰনীয়া সেতুৰ আধাৰশিলা আজি আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীয়ে উৰনীয়া সেতুৰ আধাৰশিলা শুভাৰম্ভ কৰি কয় যে , ডিব্ৰুগড় পৌৰসভাক পৌৰ নিগমলৈ উন্নিত কৰা হৈছে । আই এছ পৰ্যায়ৰ আয়ুক্ত নিযুক্ত হ’ব । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মুখত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত ফুট অভাৰব্ৰীজ নিৰ্মাণৰ আধাৰশিলা কাম কৰা হব । আনহাতে , ডিব্ৰুগড়ৰ আন আন স্থানতো হব ফুট ব্ৰীজ ৰাইজৰ সুবিধা অনুসৰি কৰা হব বুলি সভাত আনুষ্ঠানিক ভাৱে ঘোষণা কৰে । ৰাজ্য চৰকাৰৰ সম্পূৰ্ণ পুঁজিৰ পৰা প্ৰায় ৪৯ কোটি ব্যয় সাপেক্ষে ডিব্ৰুগড়ত কনভয় ৰোডৰ পৰা আমোলাপট্টী পৰ্যন্ত নিৰ্মাণ হবলগীয়া উৰণীয়া সেতু ১৮ মাহত ঠিকাদাৰক কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । আনহাতে , গুৱাহাটীৰ পাছতে ডিব্ৰুগড়ত হ’ব বৃহৎ সভা গৃহ (কনভেনচন হল) । য’ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সকলো বৃহৎ সভা সমিতি কৰিব পৰা যাব । ইয়াৰ বাবে যিমান টকা ব্যয় হয় ৰাজ্য চৰকাৰে বহন কৰিব বুলিও উল্লেখ কৰে । বৰ্তমানে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ পৰিণত কৰা হব কলাক্ষেত্ৰত । ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ চহৰৰ পৰিবৰ্তে উপকণ্ঠ অঞ্চলত নিৰ্মাণ হব । ডিব্ৰুগড় পৌৰ নিগম গুৱাহাটী পৌৰ নিগমতকৈ অধিক ক্ষমতা সম্পন্ন হব । ডিব্ৰুগড় জিলা পুথিভঁৰাল আৰু সভাগৃহটো শংকৰদেৱ কলাক্ষেত্ৰ অডিটৰিয়ামৰ দৰে গঢ়ি তুলিব বুলি প্ৰকাশ কৰে । আধাৰশিলা অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলি , প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱা , ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকন , লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা , মৰাণৰ বিধায়ক চক্ৰৰ গগৈৰ লগতে বিভাগৰ বিষয়ববীয়া সকল আৰু ৰাইজ উপস্থিত থাকে ।