কুমাৰীকাটাৰ গ্ৰাম্য স্ব-নিয়োজন প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত আজাদী কা অমৃত মহৎসৱৰ লগত সংগতি ৰাখি মাৰাথন ৰেলীৰ আয়োজন

192

কুমাৰীকাটাৰ গ্ৰাম্য স্ব-নিয়োজন প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত আজাদী কা অমৃত মহৎসৱৰ লগত সংগতি ৰাখি মাৰাথন ৰেলীৰ আয়োজন

দুৰ্নীতিৰ দৰ্পণ , প্ৰতিবেদক , তামুলপুৰ , ১ অক্টোবৰঃ তামুলপুৰ মহকুমাৰ কুমাৰীকাটাৰ গ্ৰাম্য স্ব-নিয়োজন প্ৰশিক্ষণ কেন্দ্ৰ আৰু এ.এছ. আৰ.এল.এম বাক্সা (মুছলপুৰ)ৰ সহযোগত আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি সোমবাৰে ফিট ইন্দিয়া ফ্ৰিডম ৰান অৰ্থাৎ মাৰাথন প্ৰতিযোগিতাৰ আয়োজন কৰা হয় । আজিৰ মাৰাথন প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰি বাক্সা (মুছলপুৰ)ৰ এ.এছ.আৰ.এল.এম
ডি পি এম বিচিত্ৰ বিৰজ্য নাৰ্জাৰীয়ে কয় যে , মানুহে কৰ্মৰ লগতে প্ৰতিদিনে পুৱাই শৰীৰ চৰ্চাৰ ওপৰতো গুৰুত্ব দিব লাগে , তেতিয়া মানসিক আৰু বৌদ্ধিক বিকাশ সম্ভৱ হয় । আনহাতে , কুমাৰীকাটাৰ গ্ৰাম্য স্ব-নিয়োজন প্ৰশিক্ষণ কেন্দ্ৰৰ সঞ্চালক ৰবিৰাম বড়োৱে মাৰাথন প্ৰতিযোগিতাৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে , মানুহে কৰ্ম ব্যস্ততাৰ বাবে শাৰীৰিক অনুশীলন পাহৰি গৈছে । সেয়ে কেন্দ্ৰীয় চৰকাৰৰ আজাদী কা অমৃত মহৎসৱ অৰ্থাৎ ফিট ইন্দিয়া ফ্ৰিডম ৰানক শলাগ লৈ কয় যে , চৰকাৰে দেশবাসীক শাৰীৰিক অনুশীলনৰে ৰোগ মুক্ত কৰিব বিছাৰিছে । ভাৰতবাসী ৰোগ মুক্ত হলেহে আমাৰ দেশখন উন্নতিৰ শিখৰত আৰোহণ কৰিব । অৱশ্যে কৰোণা কালত মানুহৰ শাৰীৰিক অনুশীলনৰ প্ৰতি আগ্ৰহ বাঢ়িছিল , কিন্তু এতিয়া আৰু ক্ৰমান্বয়ে মানুহৰ শাৰীৰিক অনুশীলন কমি গল বুলি । কিন্তু এনেকুৱা হোৱা উচিত নহয় , আচলতে আমি প্ৰতি দিনে আমাৰ শৰীৰটোক শাৰীৰিক অনুশীলনৰ জৰিয়তে সুস্থ কৰি ৰখাটো অত্যন্ত জৰুৰী । লগতে আজিৰ কাৰ্য্যসূচীত এ.এছ.আৰ.এল.এম বাক্সা(মুছলপুৰ)ৰ ডিএফই (দক্ষতা) জন হৰো , খাদী গ্ৰাম্যদ্যোগ বিদ্যালয়ৰ অধ্যক্ষ দুলাল কুমাৰ সাহা , তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘৰ সভাপতি যতীন চৰকাৰ , গ্ৰাম্য স্ব-নিয়োজন প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষক সুনিল ব্ৰহ্ম , বিৰদাও ব্ৰহ্মকে ধৰি প্ৰশিক্ষাৰ্থী সকলে অংশগ্ৰহণ কৰে ।