অসমত পুনৰ ভুমিষ্ঠ হ’ল জনগোষ্ঠীয় জাতীয় দল নামৰ নতুন আঞ্চলিক ৰাজনৈতিক দল

183

অসমত পুনৰ ভুমিষ্ঠ হ’ল জনগোষ্ঠীয় জাতীয় দল নামৰ নতুন আঞ্চলিক ৰাজনৈতিক দল

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপ’ৰ্টাৰ , ৰঙিয়া , ২ অক্টোবৰঃ অসমৰ প্ৰতিটো জনগোষ্ঠীৰ স্বকীয়তা একতা আৰু সমতা ৰক্ষাৰ স্বাৰ্থত সকলোৱে একতাৰে সংগঠিত হোৱাৰ প্ৰয়াসেৰে এখন জনগোষ্ঠীয় প্ৰতিনিধি পঞ্চায়ত আহ্বান কৰা প্ৰতিনিধি সভাত আজি ৰঙিয়াত “জনগোষ্ঠীয় জাতীয় দল” নামেৰে আত্মপ্ৰকাশ কৰে এটি নতুন আঞ্চলিক ৰাজনৈতিক দলে । দলটোৰ সভাপতিৰ দায়িত্বত আছে সমাজকৰ্মী কেশৱ চন্দ্ৰ দাস । সম্পাদকৰ দায়িত্বত আছে গৌৰীশংকৰ শৰণীয়া । দায়িত্বভাৰ লৈয়ে দলটোৰ সম্পাদক গৰাকীয়ে অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে । তেওঁ লগতে অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈয়ে অসমৰ খিলঞ্জীয়া লোকৰ অভাৱ পূৰণত ব্যৰ্থ হোৱা বুলি অভিযোগ কৰে । আনহাতে , শাসনাধিষ্ঠ চৰকাৰখনক এনকাউন্টাৰৰ চৰকাৰ আৰু এনকাউন্টাৰ মুখ্যমন্ত্ৰী বুলি আখ্যা দিয়ে । বিভাগীয় নীতি নিয়ম সম্পূৰ্ণ হ’লেই উপ নিৰ্বাচনত অংশগ্ৰহণ কৰিব বুলিও জনাই দলটোৰ সভাপতি গৰাকীয়ে ।