কোনো চক্ৰান্তই অসমীয়া ভাষা সাহিত্যৰ অগ্ৰগতি ৰুধিব নোৱাৰে , মৰিগাঁও জিলা সাহিত্য সভাৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস উৎযাপন , গীতে মাতে জীপাল হ’ল শশীকান্ত হাজৰিকা ভৱন

290

কোনো চক্ৰান্তই অসমীয়া ভাষা সাহিত্যৰ অগ্ৰগতি ৰুধিব নোৱাৰে , মৰিগাঁও জিলা সাহিত্য সভাৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস উৎযাপন , গীতে মাতে জীপাল হ’ল শশীকান্ত হাজৰিকা ভৱন

ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ২ অক্টোবৰ : ১৮৩৬ চনৰ পৰা ১৮৭২ চনলৈ ইংৰাজে অসমীয়া ভাষা অসমৰ পৰা বিতাৰণ কৰিছিল । অসমীয়া সাহিত্যৰ মণীষি সকলে এই চক্ৰান্ত ভেদ কৰি পুনৰ অসমীয়া ভাষা প্ৰতিষ্ঠা কৰিছিল । বৰ্তমানৰ অসমীয়া ভাষা বিকশিত আৰু সু-প্ৰতিষ্ঠিত । কোনোবাই ইচ্ছা কৰিলেই অসমীয়া ভাষা কোনো কাৰণতে নি:শেষ কৰিব নোৱাৰে । এই মন্তব্য প্ৰকাশ কৰিছে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক প্ৰতাপ হাজৰিকাই । আজি অসম সাহিত্য সভাৰ অন্যতম জিলা সভা মৰিগাঁও জিলা সাহিত্য সভাৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীয়ে মৰিগাঁও জিলা সাহিত্য সভাৰ শশীকান্ত হাজৰিকা ভৱন প্ৰাংগণত অনুষ্ঠিত হোৱা মুকলি সভাত এই মত প্ৰকাশ কৰি সভাপতি হাজৰিকাই পুনৰ কয়- কোনো চক্ৰান্ত ই অসমীয়া ভাষাৰ অগ্ৰগতি ৰুধিব নোৱাৰে । অসমীয়া ভাষা তাৰ নিজস্ব ধাৰাত চিৰ দিন চলি থাকিব । জিলা সাহিত্য সভাৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভা উদ্বোধন কৰি মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট লেখক মিলেশ্বৰ পাতৰে বৰ্তমান অসমীয়া ভাষাৰ সংকট নামি অহা বুলি উল্লেখ কৰি অসমীয়া ভাষাৰ স্বকীয়তা ৰক্ষাৰ বাবে মৰিগাঁও জিলা সাহিত্য সভাই লোৱা পদক্ষেপৰ শলাগ লয় । জিলা সভাৰ সভাপতি প্ৰতাপ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিকৰ সহকাৰী সম্পাদক মৃনাল হাজৰিকাই অংশ গ্ৰহণ কৰি অবিভক্ত নগাঁও জিলাৰ সাহিত্য সভা সমূহৰ এক সম্যক ইতিবৃত্ত দাঙি ধৰাৰ লগতে অতি পিছপৰা অঞ্চলত স্থাপন মৰিগাঁও জিলা সাহিত্য সভাই বিগত দিনত কৰি অহা ভাষা সাহিত্য সেৱাৰ শলাগ লয় । জিলা সাহিত্য সভাৰ সম্পাদক পিনাকী ভূষণ মহন্তই আঁত ধৰা অনুষ্ঠানটোত জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বুবুমণি গোস্বামী , প্ৰাক্তন উপ-সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা , প্ৰাক্তন সম্পাদক তথা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য অজিত শৰ্মা , প্ৰাক্তন সম্পাদক জয়ন্ত কুমাৰ ডেকা আৰু নগাঁও জিলা সাহিত্য সভাৰ উপ-সভাপতি থগিত মহন্ত,কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক খয়াৰ আহমেদ প্ৰমূখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে । ইয়াৰ পূৰ্বে ১৯৯১ চনতে স্থাপন হোৱা মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকাই পতাকা উত্তোলনেৰে ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী শুভাৰম্ভ কৰে । পুৱাবেলা কাৰ্যসূচীত প্ৰাক্তন সম্পাদক তথা শিল্পী অশোক ডেকাও অংশ গ্ৰহণ কৰে । দিনৰ ভাগত মৰিগাঁও জিলা সাহিত্য সভাৰ শশীকান্ত হাজৰিকা ভৱন প্ৰাংগণত মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰয়াত সভাপতি , উপ-সভাপতি আৰু সম্পাদকৰ স্মৃতিবেদীত শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে জিলা সভাৰ চাৰিগৰাকী প্ৰাক্তন বিষয়ববীয়া বুবুমণি গোস্বামী, বিৰিঞ্চি কুমাৰ শৰ্মা , অজিত শৰ্মা আৰু জয়ন্ত কুমাৰ ডেকাই । জিলা সভাৰ সহকাৰী সম্পাদক প্ৰমোদ দাসে আতঁ ধৰা এই অনুষ্ঠানৰ পিছতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ কৰে জিলা সভাৰ উপ-সভাপতি মিহিৰ হাজৰিকাই । এই অনুষ্ঠানত সাহিত্যিক পেঞ্চনাৰ সত্যহাস দাসেও অংশ গ্ৰহণ কৰে । আজি এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত গীতে মাতে জীপাল কৰি তোলে কনকলতা শাখা সাহিত্য সভাৰ শিল্পী সকলে ।