নুমলীগড় শোধনাগাৰ সমীপৱৰ্তী উপ-ঠিকাদাৰ সন্থা গঠন

218

নুমলীগড় শোধনাগাৰ সমীপৱৰ্তী উপ-ঠিকাদাৰ সন্থা গঠন

দুৰ্নীতিৰ দৰ্পণ সেৱা , জানমনি দও , প্ৰতিবেদক , নুমলীগড় , ৩ অক্টোবৰঃ নুমলীগড় শোধনাগাৰক ৩ মিলিয়ন মেট্ৰিকটনৰ পৰা ৯ মিলিয়ন মেট্ৰিকটন শোধন ক্ষমতালৈ সম্প্ৰসাৰণ কৰাৰ প্ৰস্তুতি ইতিমধ্যেই কেন্দ্ৰীয় চৰকাৰে সম্পন্ন কৰিছে ৷ চলিত বৰ্ষৰ পৰাই সম্প্ৰসাৰণ কেন্দ্ৰীক আন্তঃগাঁথনি উন্নয়নৰ কাম শোধনাগাৰটোত আৰম্ভ হ’ব ৷ এই লৈ ৰাজ্যৰ লগতে গোলাঘাট জিলাৰ নিবনুৱা যুৱক-যুৱতী সকলেও দেখিছে আশাৰ ৰেঙণি ৷ গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি শোধনাগাৰটোত কৰ্মৰত অভিজ্ঞ ঠিকাদাৰ আৰু নিবনুৱা যুৱক একত্ৰিত হৈ আজি শোধনাগাৰৰ সমীপৰ তেলগৰম নাগৰিক মঞ্চত এক ৰাজহুৱা সভা অনুষ্ঠিত কৰে ৷ সভাত জিলাখনৰ শিক্ষিত যুৱক সকলে এখন উপ- ঠিকাদাৰ সন্থা গঠন কৰে ৷ অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিক সোনেশ্বৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত মৰঙী প্ৰেছ ক্লাৱৰ সভাপতি হেমন্ত শইকীয় , নুমলীগড়ৰ সঞ্জীৱ ৰাভা , আটাছু গোলাঘাট জিলা সমিতিৰ সভাপতি কৃষ্ণ বৰুৱা , বোকাখাতৰ দীপাংকৰ শৰ্মা আৰু সুৰেন হাজৰীকাই সমিতিখনৰ প্ৰতি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় ৷ সভাত তোলন বৰাক সভাপতি আৰু অন্টু বৰুৱাক সম্পাদক হিচাপে লৈ নুমলীগড় শোধনাগাৰ সমীপৱৰ্তী উপ-ঠিকাদাৰ সন্থা নামাকৰণেৰে এখন ২১ জনীয়া সমিতি গঠন কৰে ৷