শ্বেৰমান আলীক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

171

শ্বেৰমান আলীক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , ০৩ অক্টোবৰঃ শ্বহীদক অপমান কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ । আজি কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল শ্বেৰমান আলীক । আৰক্ষীয়ে শ্বেৰমান আলী আহমেদক ১০ দিনৰ জিম্মাত বিচাৰিছিল যদিও আদালতে কেৱল দুদিনৰ বাবেহে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে । আৰক্ষীৰ জিম্মাত থকাৰ সময়ত উচ্চ ৰক্তচাপ , ব্লাড ছুগাৰ থকা বাবে বিধায়কজনৰ স্বাস্থ্যৰ ক্ষেত্ৰত সকলো সেৱা আগবঢ়াবলৈ নিৰ্দেশ দিয়া হৈছে । দোষী সাব্যস্ত হলে ৩ বছৰ পৰ্যন্ত কাৰাগাৰত থাকিব লাগিব পাৰে শ্বেৰমান আলী ।