তিনিদিনীয়া কাৰ্যসূচীৰে ডিগবৈত বিধায়নী দলৰ এম্পলইমেন্ট ৰিভিউ কমিটি , ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমুহত স্থানীয় শিক্ষিত নিবনুৱা সংস্থাপনৰ সন্দৰ্ভত আলোচনা

290

তিনিদিনীয়া কাৰ্যসূচীৰে ডিগবৈত বিধায়নী দলৰ এম্পলইমেন্ট ৰিভিউ কমিটি , ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমুহত স্থানীয় শিক্ষিত নিবনুৱা সংস্থাপনৰ সন্দৰ্ভত আলোচনা

দুৰ্নীতিৰ দৰ্পণ সেৱা ,দ্বীপেন শইকীয়া , ডিগবৈ , ৪ অক্টোবৰঃ অসম বিধানসভাৰ শাসক আৰু বিৰোধীপক্ষ বিধায়কৰ দ্বাৰা গঠিত এম্পলইমেন্ট ৰিভিউ কমিটিৰ এটি সজাতি দল ডিগবৈত আহি উপস্থিত হয় ৷ তিনিদিনীয়া ভ্ৰমণ কাৰ্যসূচী হাতত লৈ অহা কমিটিখনে ৰাজহুৱা প্ৰতিষ্ঠান সমুহত স্থানীয় শিক্ষিত নিবনুৱাই সংস্থাপন প্ৰক্ৰিয়া কি দৰে চলি আছে , তাৰ ওপৰত বোজ লোৱাৰ উদ্দেশ্যে অহা বুলি জানিবলৈ দিয়ে ৷ তেজপুৰৰ বিধায়ক পৃথিৰাজ ৰাভাৰ নেতৃত্বত অহা দলটোত লক্ষীমপুৰৰ বিধায়ক মানৱ ডেকা , বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মন , নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা , নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ আৰু ডিগবৈৰ বিধায়ক সুৰেন ফুকনে সংগ দিয়ে ৷ তিনিদিনীয়া কাৰ্যসূচীৰে অহা বিধায়নী দলটোৱে প্ৰথমেই আহি ডিগবৈ উপস্থিত হয় ৷ বিধায়নী দলটোৱে আই অ চি , অইল ইণ্ডিয়া , অ ন জি চি আৰু হিন্দুঃস্থান ইনভাৰ্চ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠাসমুহৰ লগত স্থানীয় শিক্ষিত নিবনুৱা সকলৰ সংস্থাপনৰ সন্দৰ্ভত আলোচনাত মিলিত হোৱাৰ লগতে বৰ্তমান ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান সমুহত স্থানীয় নিবনুৱাসকলক কি দৰে নিযোজিত কৰা হৈছে , সেই সন্দৰ্ভত প্ৰতিষ্ঠান সমুহৰ প্ৰশাসনিক বিষয়া সকলৰ লগত আলোচনাত মিলিত হোৱাৰ কথা জানিবলৈ দিয়ে ৷ বিধায়নী দলটোৱে বিশেষকৈ নিবনুৱা সমস্যা সমাধানৰ সন্দৰ্ভত আলোচনাৰ জৰিয়তে কি দৰে সংস্থাপন কৰি পৰা যাব , সেই বিষয়ে আলোচনাত মিলিত হৈ নিবনুৱা সমস্যা কিছু পৰিমাণে নিৰ্মূল কৰিব পৰা যাব , সেই বিষয়ে আলোচনাত মিলিত হোৱাৰ কথা অৱগত কৰে ৷