সহিত্য চ’ৰা অসমৰ প্ৰথম বাৰ্ষিক অধিবেশনৰ সফল সামৰণি , মুখপত্ৰ ’মন্দাকিনী’ উন্মোচন

233

সহিত্য চ’ৰা অসমৰ প্ৰথম বাৰ্ষিক অধিবেশনৰ সফল সামৰণি , মুখপত্ৰ ’মন্দাকিনী’ উন্মোচন

দুৰ্নীতিৰ দৰ্পণ সেৱা , গোলাঘাট, ৪ অক্টোবৰঃ জনপ্ৰিয় ফেচবুক গোট ’সাহিত্য চ’ৰা , অসমৰ প্ৰথম বাৰ্ষিক অধিৱেশন খনি ধেমাজি মহিলা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি দিনজোৰা কৰ্যসূচীৰে অনুষ্ঠিত হয় । সাহিত্য চ’ৰাৰ সভাপতি সত্যজিৎ দাস দেৱৰ সভাপতিত্বত হোৱা অনুষ্ঠানটিৰ আঁত ধৰে সহকাৰী সম্পাদক বিশ্বজিৎ গগৈয়ে । লক্ষীমা ফুকন,প্ৰতিমা বুঢ়াগোহাঁই , ইন্দুনিভা বৰা , বিতুমনি ফুকন, প্ৰতিমা কোঁৱৰ ফুকন আৰু মডাৰেটৰ সকলৰ দ্বাৰা পৰিবেশিত সমবেত সংগীতেৰে আৰম্ভণি হোৱা সভা খনত উদ্বোধনী ভাষণ দিয়ে ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত উৎপল দলে । মুখ্য অতিথি ৰূপে উপস্থিত থাকে লক্ষীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড০ ৰমেশ কুমাৰ কাকতিয়ে।ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি বিনীতা চৌধুৰী গাৰোডিয়াৰ দ্বাৰা মৃদুল শৰ্মা আৰু ভূপেন গগৈ সম্পাদিত সাহিত্য চ’ৰাৰ মুখপত্ৰ মন্দাকিনী আলোচনী আৰু গোগামুখ মহাবিদ্যালয় ইংৰাজী বিভাগৰ অধ্যাপক দিগন্ত কাকতিৰ দ্বাৰা কবি ভূপেন গগৈৰ কাব্যগ্ৰন্থ ’আন্ধাৰত জিলিকে এখনি নৈ’, বিশিষ্ট কবি ৰোনাল্ডো টাইদৰ দ্বাৰা কবি মাধুৰ্য গগৈৰ কাব্যগ্ৰন্থ ’জীৱনৰ বতৰা’ উন্মোচন কৰা হয় । অধিবেশনখনিতে সাহিত্য চ’ৰা অসমে সাহিত্য সাৰথি বঁটা প্ৰদান কৰে অসমৰ চাৰিজন বিশিষ্ট সাহিত্যিক,কবি ক্ৰমে মাণিক চন্দ্ৰ সোণোৱাল (লক্ষীমপুৰ),মন্দিৰা তামুলী (গোলাঘাট),বাবুল গগৈ(ধেমাজি) আৰু জ্যোতি মাধৱ (গুৱাহাটী)দেৱলৈ । অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট অতিথি কুঞ্জলতা বড়া , কৰবী দেউৰী বাইদেউ,নলবাৰীৰ দিলীপ বৰ্মন,কল্যাশ বৰ্মন , মুনিন শৰ্মা , সুমন্ত নায়ক,সৰ্বানন্দ হাজং তথা সাহিত্য চ’ৰা অসমৰ উপদেষ্টা কবি অনিল কুমাৰ ফুকন , অনন্ত কুমাৰ ভূঞাৰ লগতে ভালে সংখ্যক কবি সাহিত্যিকে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে । মডাৰেটৰ বিতুমনি ফুকনে আঁত ধৰা অন্তৰংগ অনুষ্ঠানত ইন্দুনিভা বৰা , প্ৰতিমা বুঢ়াগোহাঁই,বীণা বুঢ়াগোহাঁই গগৈ, লিপিকা শৰ্মা পাটোৱাৰী,দীপ্তি ফুকন, জিতেন বৰুৱা, জ্যু চেং অই চাংমাই , মৃদুল শৰ্মা, হেমচন্দ্ৰ কছাৰী , বিপুল শৰ্মা , দেৱীনা পামেগাম , ৰিংকু বৰুৱা , নিজুমণি বৰা শইকীয়া , মনজিৎ বৰদলৈ, স্বপ্নশিখা চুতীয়া , মণিজ্যোতি বৰগোহাঞি আৰু দুকুৰীৰো অধিক কবি সাহিত্যিকৰ কবিতা পাঠ,গীত পৰিবেশন আৰু মত বিনিময়ৰ শেষত অসম গীত পৰিবেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে বুলি সাহিত্য চ’ৰা অসমৰ মৃদুল শৰ্মাই জানিবলৈ দিয়ে ।