গোলাঘাট জিলাত জল-জীৱন অভিযান আৰু মিছন বসুন্ধৰাৰ কাম-কাজৰ বুজ ল’লে অভিভাৱক সচিব অনুৰাগ গোৱেলে

211

গোলাঘাট জিলাত জল-জীৱন অভিযান আৰু মিছন বসুন্ধৰাৰ কাম-কাজৰ বুজ ল’লে অভিভাৱক সচিব অনুৰাগ গোৱেলে

দুৰ্নীতিৰ দৰ্পণ সেৱা,জানমনি দও , নুমলীগড় , ৪ অক্টোবৰ : ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ প্ৰধান সচিব তথা গোলাঘাট জিলাৰ অভিভাৱক সচিব অনুৰাগ গোৱেলে আজি জিলাখনৰ বিভিন্ন ঠাইত ৰূপায়িত জল জীৱন অভিযানৰ অধীনৰ কেইবাখনো আঁচনি পৰিদৰ্শন কৰি কাম-কাজৰ বুজ লয় । তেওঁ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গোলাঘাট সংমণ্ডলৰ অধীনৰ সৰুপথাৰ উপ সংমণ্ডলৰ মৰঙী ব্লকৰ দুলিয়াগাঁও পানী যোগান আঁচনি, বোকাখাত সংমণ্ডলৰ অধীনৰ বিহৰা বাগিচা পানী যোগান আঁচনি , নুমলীগড় পাঁচ নম্বৰ লাইন পানী যোগান আঁচনি আৰু বৰমহৰী পথাৰ পানী যোগান আঁচনিকেইখন পৰিদৰ্শন কৰে । তেওঁ আচঁনিকেইখনৰ অধীনত পানী যোগান ব্যৱস্থা সন্দৰ্ভত বিতংভাৱে বুজ লোৱাৰ লগতে জল জীৱন আঁচনিৰ সফল ৰূপায়ন সুনিশ্চিত কৰিব পৰাকৈ কাম কৰিবলৈ বিষয়া-কৰ্মচাৰীসকলক নিৰ্দেশ দিয়ে । সচিব গৰাকীয়ে ইয়াৰ পাছতেই গোলাঘাট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মিছন বসুন্ধৰাৰ ৰূপায়ণৰ বিভিন্ন দিশ আলোচনা কৰে । তেওঁ এই অভিলাষী আঁচনিৰ সফল ৰূপায়ন সুনিশ্চিত কৰাৰ বাবে ৰাজহ চক্ৰ বিষয়া তথা কাৰ্যালয়টোৰ আন কৰ্মচাৰীসকলক দায়বদ্ধতাৰে কাম কৰিবলৈ পৰামৰ্শ আগবঢ়ায় । তেওঁ গাঁও পঞ্চায়তৰ কাৰ্যালয়সমূহত বিশেষ শিবিৰ অনুষ্ঠিত কৰি জনসাধাৰণৰ ভূমি সম্পৰ্কীয় বিভিন্ন বিষয়ৰ আবেদন পত্ৰসমূহ সংগ্ৰহৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে । বিষয়া গৰাকীয়ে মৰঙি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়তো মিছন বসুন্ধৰাৰ কাম-কাজৰ বুজ লয় । তেওঁ কমাৰগাঁৱত ড্ৰেগন ফলৰ খেতি কৰি সফল হোৱা খেতিয়ক কৰুনাকান্ত হাজৰিকাৰ কৃষি পামখনো পৰিদৰ্শন কৰে । বিষয়াগৰাকীৰ সৈতে আজিৰ এই পৰিদর্শনকালত জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাও উপস্থিত আছিল ।