নগাঁও চহৰত বাহন ৰখোৱাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ , মহিলা সহ দুজনক আটক
দুৰ্নীতিৰ দৰ্পণ সেৱা,ৱাহিদুদ জামান , নগাঁও , ৪ অক্টোবৰঃ আজি দিনৰ ভাগত নগাঁও চহৰৰ মাৰোৱাৰী পট্টিত গাড়ী ৰখোৱাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । মাৰোৱাৰী পট্টিৰ গাড়ী ৰখোৱা নিষিদ্ধ এলেকাত এগৰাকী মহিলাই নিজৰ এ এছ-০২-পি- ৮৫৭৮ নম্বৰৰ চাৰি চকীয়া বাহনখন ৰখোৱাক কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । নগাঁও যান বাহন আৰক্ষী জোৱানে মহিলা গৰাকীৰ গাড়ীখনত হুইল লক লগোৱাৰ বাবে মহিলা গৰাকীয়ে কৰ্তব্যৰত যান বাহন আৰক্ষী জোৱান ধনেশ্বৰ দাসক কটু বাক্য প্ৰয়োগ কৰাৰ লগতে শাৰিৰীক ভাবে অপদস্থ কৰে । পিছত যান বাহন আৰক্ষীৰ উচ্চ পদস্থ আৰক্ষী ঘটনাস্থলিলৈ আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে গাড়ীখনৰ মালিক নাৰ্গিছ চুলতানা আৰু চালক চাহবাজ আলম খানক আটক কৰি নগাঁও সদৰ থানালৈ লৈ যায় । আৰক্ষীয়ে এই সন্দৰ্ভত নগাঁও সদৰ থানাত ২৪২১/২১ নম্বৰৰ এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । ইপিনে , মহিলা গৰাকীয়ে অভিযোগ কৰি কয় , তেওঁৰ গাড়ীখন হুইল লক কৰাৰ সন্দৰ্ভত যান বাহন আৰক্ষী জোৱান জনক প্ৰশ্ন কৰাত তেওঁহে মোক শাৰিৰীক ভাবে অপদস্থ কৰে । উল্লেখ যে , নাৰ্গিছ চুলতানা এগৰাকী ষ্টাফ নাৰ্চ । নগাঁও চহৰৰ প্ৰায়বোৰ পথৰ দুয়ো কাষে একাংশ লোকে যান বাহন ৰাখি যান যটৰ সমস্যা বৃদ্ধি কৰাত অৰিহণা যোগাই আহিছে । চহৰখনৰ ঢাকাই পট্টি ,বৰবজাৰৰ মাজ ভাগলৈকে একাংশ লোকে যান বাহন ৰাখি যান যটৰ সমস্যাৰ সৃষ্টি কৰি আহিছে । নগাঁৱৰ সচেতন ৰাইজে চহৰখনত অব্যাহত থকা যান যটৰ সমস্যা শীঘ্ৰে সমাধান কৰিবলৈ নগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনক আহবান জনাইছে ।