বহু জল্পনা কল্পনাৰ অন্তত আৰম্ভ হল ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ বহিঃ বিভাগ সেৱা 

58

বহু জল্পনা কল্পনাৰ অন্তত আৰম্ভ হল ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ বহিঃ বিভাগ সেৱা 

দুৰ্নীতিৰ দৰ্পণ , ছৈয়দুৰ ৰহমান , ধুবুৰী , ১ জুন : আজিৰে পৰা আৰম্ভ হল ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ বহিঃ বিভাগ সেৱা । উদ্বোধন কৰিলে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত । ১১ বিভাগৰ বহিঃ বিভাগ মুকলি কৰে মন্ত্ৰী কেশৱ মহন্তই । আজিৰ পৰা নাথাকে ধুবুৰী অসামৰিক চিকিৎসালয়ৰ নাম । ধুবুৰী মেডিকেল কলেজ‌ নামেৰে নামাকৰণ মন্ত্ৰী কেশৱ মহন্তৰ । বহু জল্পনা কল্পনাৰ অন্তত আৰম্ভ হল ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ বহিঃ বিভাগ‌ সেৱা । আজিৰে পৰা আৰু নাথাকে ধুবুৰী অসামৰিক চিকিৎসালয়ৰ নাম । আজি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ধুবুৰী মেডিকেল কলেজৰ বহিঃ বিভাগৰ শুভ উদ্বোধন কৰে । প্ৰথমতে নিজৰ স্বাস্থ্য পৰীক্ষা কৰায় মন্ত্ৰী কেশৱ মহন্তই । লগতে এতিয়াৰে পৰা ধুবুৰী অসামৰিক চিকিৎসালয়ক ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ সৈতে মিলিত কৰা হয় বুলি ঘোষণা মন্ত্ৰীৰ । অহা ছেপ্টেম্বৰ মাহৰ পৰা ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত পাঠদান প্ৰক্ৰিয়া আৰম্ভ হব বুলি আশ্বাস প্ৰদান মন্ত্ৰীৰ । ইতিমধ্যে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰায়ভাগ কাম সম্পন্ন হৈছে । সকলো প্ৰকাৰৰ চিকিৎসাৰ অস্ত্ৰ পাতি ক্ৰয় কৰা হৈছে বুলি মন্তব্য মন্ত্ৰীৰ । এতিয়াৰে পৰা ধুবুৰী মেডিকেল কলেজত নচলে দালালৰাজ । দালালৰ প্ৰশ্ৰয় দিয়া নহয় আৰু চিকিৎসালয়খন পৰিস্কাৰ কৰি ৰাখিবলৈ আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে । অন্যথা কঠোৰ হব বিভাগীয় কৰ্তৃপক্ষই । মহাবিদ্যালয় খনৰ বিভিন্ন বিভাগ পৰিদৰ্শন কৰি ধুবুৰী মেডিকেল কলেজ কৰ্তৃপক্ষ , চিকিৎসকৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মন্ত্ৰী কেশৱ মহন্তই । মন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে ধুবুৰী জিলা উপায়ুক্ত আন্বামুথন এম পি আৰু ধুবুৰী আৰক্ষী অধীক্ষক অভিজিত গুৰব দিলীপৰ লগতে ধুবুৰী জিলা চিকিৎসা বিভাগৰ বিষয়া সকল ।