কাছাৰ জিলাৰ জিৰিঘাটত বন্দুক সহ দুই সন্দেহ জনক উগ্ৰপন্থী কেডাৰ আটক

188

কাছাৰ জিলাৰ জিৰিঘাটত বন্দুক সহ দুই সন্দেহ জনক উগ্ৰপন্থী কেডাৰ আটক

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ৫ অক্টোবৰঃ কাছাৰ আৰক্ষী আৰু ডিমাহাসাও আৰক্ষীৰ যৌথ অভিযানত সশস্ত্ৰ সন্ত্ৰাসবাদী দুজনক আটক কৰা হৈছে ৷ ধৃত দুজন কাছাৰ জিলাৰ জিৰিঘাট অঞ্চলৰ Darneithuom Hmar আৰু ত্ৰিপুৰা ধৰ্মনগৰৰ Jehoba Choreai ৷ জানিব পৰা মতে , কালি পুৱতি নিশা কাছাৰ আৰক্ষী আৰু ডিমাহাসাও আৰক্ষীৰ এটা দলে কাছাৰ জিলাৰ অসম মণিপুৰ সীমান্তৰ বিজুংচাও বস্তিত গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই সন্দেহ জনক দুইজন উগ্ৰপন্থী কেডাৰক আটক কৰিবলৈ সক্ষম হয় ৷ লগতে আৰক্ষীয়ে জব্দ কৰে এটা ফেক্টৰী মেইড বন্দুক , ২৬ জাঁই সজীৱ গুলী , দুজোৰ সেনা পোছাক আৰু দুজোৰ সেনা জোতা ৷ জব্দ হোৱা বস্তুক দেখি আৰক্ষীয়ে প্ৰাথমিক বাবে অনুমান কৰিছে যে ধৃত দুয়োগৰাকী কোনোবা উগ্ৰপন্থী সংগঠনৰ লগত জড়িত থাকিব পাৰে ৷ যাৰ বাবে আৰক্ষীয়ে ধৃত দুজনক জিৰিঘাট আৰক্ষী চকীত জেৰা অব্যাহত ৰাখিছে ।