শিৱসাগৰত উপ-নিৰ্বাচনক লৈ ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে জিলা প্ৰশাসনৰ জৰুৰী বৈঠক সম্পন্ন

170

শিৱসাগৰত উপ-নিৰ্বাচনক লৈ ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে জিলা প্ৰশাসনৰ জৰুৰী বৈঠক সম্পন্ন

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ, অমৃত কুমাৰ শৰ্মাঃ অহা ৩০ অক্টোবৰ তাৰিখে ১০৭ নং থাওৰা বিধানসভা সমষ্টিৰ বাবে অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে সমষ্টিটোত সহায়ক ভোটগ্ৰহণ কেন্দ্র (Auxiliary Polling Station) স্থাপন কৰা সন্দৰ্ভত আলোচনা কৰাৰ অৰ্থে অতিৰিক্ত উপায়ুক্ত (নিৰ্বাচন) বিতোপন নেওগৰ অধ্যক্ষতাত ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। শিৱসাগৰ আৱৰ্ত ভৱনৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত অতিৰিক্ত উপায়ুক্ত (নিৰ্বাচন) বিতোপন নেওগে কয় যে, ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশনামৰ্মে,আগন্তুক উপ- নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত যিসমূহ ভোটগ্ৰহণ কেন্দ্ৰত ১০০০ বা ততোধিক ভোটাৰ আছে সেই সমূহক দুভাগ কৰি মুখ্য ভোটগ্ৰহণ কেন্দ্ৰৰ উপৰি একোখনকৈ সহায়ক ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰিব লাগিব। ১০৭ নং থাওৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰ্তমানে ১৪৫ টা মুখ্য ভোটগ্ৰহণ কেন্দ্ৰ আছে আৰু ইতিমধ্যে অতিৰিক্ত ২৮ টা সহায়ক ভোটগ্ৰহণ কেন্দ্ৰ চিনাক্তকৰণ কৰি নিৰ্বাচন আয়োগলৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হ’ব বুলিও তেওঁ অৱগত কৰে। উল্লেখযোগ্য যে, অতিৰিক্ত ২৮ টা সহায়ক ভোটগ্ৰহণ কেন্দ্ৰৰ সৈতে সমষ্টিটোত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ’ব ১৭৩ টা। ১০৭ নং থাওৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত সকলোবোৰ ভোটগ্ৰহণ কেন্দ্ৰত প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু সু-ব্যৱস্থা মজুত ৰখা হ’ব বুলিও তেওঁ মন্তব্য কৰে। সভাত ডিমৌ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ফিলীছ ৰাংচাল আৰু সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত নিৰ্বাচনী বিষয়া দীপাৱলী কুৰ্মীও উপস্থিত থাকে।