মৰিগাঁৱত চৰকাৰী ভূমি , জলাশয়ত হোৱা অবৈধ বেদখল উচ্ছেদৰ দাবীত জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান মৰিগাঁও আছুৰ

184

মৰিগাঁৱত চৰকাৰী ভূমি , জলাশয়ত হোৱা অবৈধ বেদখল উচ্ছেদৰ দাবীত জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান মৰিগাঁও আছুৰ , অবৈধ বেদখল উচ্ছেদ নহ’লে জিলা ছাত্ৰ সন্থাই তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ

ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ৫ অক্টোবৰ : ৰাজ্যৰ অতিকৈ পিছপৰা মৰিগাঁও জিলাখন দিছপুৰৰ গাতে লাগি থকাৰ পিছতো বৰ্তমানেও উন্নয়ন স্থবিৰ হৈ পৰাত জিলাখনৰ এক ভয়াবহ সমস্যা ৰূপে পৰিগণিত হৈছে । জিলা খনত থকা চৰকাৰী ভূমি , খাল , বিল , জলাশয় , সত্ৰ , অভয়াৰণ্যত হৈ থকা অবৈধ বেদখলৰ বিৰুদ্ধে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই ধাৰাবাহিক ভাবে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । সেয়েহে আজি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক ৰূপজ্যোতি মেধিৰ স্বাক্ষৰিত এক স্মাৰকপত্ৰ জিলা উপায়ুক্তক প্ৰদান কৰি শীঘ্ৰে জিলাখনৰ খাল-বিল , জলাশয় , চৰণীয়া পথাৰ মন্দিৰ , মছজিদ , সত্ৰ , নামঘৰ আদিত থকা ভূমিৰ লগতে কিমান চৰকাৰী ভূমি অবৈধ বেদখলকাৰী কৱলত আছে , তাৰো এক নিকা জৰীপ কৰিবলৈ দাবী জনায় । ইফালে , জিলা সভাপতি দিপুল কুমাৰ নাথে আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে- অবৈধ বেদখলে জিলাখনৰ জীৱকূলৰ প্ৰতি কঢ়িয়াই আনিছে অশনি সংকেত । জিলাখনৰ একমাত্ৰ পবিতৰা অভয়াৰণ্য খনৰো ইয়াৰ আশে পাশৰ অঞ্চল সমূহ অবৈধ বেদখলকাৰী কবলত পৰা হেতুকে ইয়াৰ মাছ , কাছ আদিকে কৰি অনান্য জীৱকূলৰ প্ৰতি ভয়বাহ শংকা নামি আহিছে বুলি উল্লেখ কৰাৰ লগতে অবৈধ বেদখল উচ্ছেদ হ’বই লাগিব বুলি মন্তব্য প্ৰকাশ কৰে । লগতে জিলা সম্পাদক ৰূপজ্যোতি মেধিয়ে বৰ্তমান সময়তো জিলাখনৰ প্ৰায় সমূহ চৰণীয়া পথাৰ , বিল জলাশয় সমূহ অবৈধ বেদখলকাৰী কৱলত পৰা ফলত জীৱ কূল , জৈৱ বৈচিত্ৰ্যৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই লৈ আহিছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে ৷ অবৈধ বেদখল উচ্ছেদ নহ’লে জিলা ছাত্ৰ সন্থাই তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি জিলা সম্পাদক ৰূপজ্যোতি মেধিয়ে চৰকাৰৰ বিৰুদ্ধে হুংকাৰ দিয়ে ।