প্ৰিয়ঙ্কা গান্ধীৰ মুক্তিৰ দাবী আৰু গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পদত্যাগৰ দাবীত গোলাঘাটত কংগ্ৰেছ প্ৰতিবাদ

233

প্ৰিয়ঙ্কা গান্ধীৰ মুক্তিৰ দাবী আৰু গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পদত্যাগৰ দাবীত গোলাঘাটত কংগ্ৰেছ প্ৰতিবাদ

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ৫ অক্টোবৰ : গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্যালয়ত অসম প্ৰদেশ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ । শতাধিক লোকৰ উপস্থিতিত তেওলোকে সাব্যস্ত কৰে উক্ত প্ৰতিবাদ । প্ৰিয়ংকা গান্ধীক মুক্তি দিয়ক,গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ ই পদত্যাক কৰক , বিজেপি গ’বেক , বিজেপি হায় হায় আদি বিভিন্ন শ্লগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী আৰু শীঘ্ৰে যদি চৰকাৰে এওঁ লোকৰ দাবী সমূহ মানি নলয় , তেনেহলে ভবিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদ কাৰী সকলে । উক্ত প্ৰতিবাদত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা , গৌৰব গগৈ , বিস্মিতা গগৈ , বিতুপন শইকীয়া , ৰাণা গোস্বামীকে প্ৰমুখ্য কৰি প্ৰদেশ কংগ্ৰেছৰ বিষয় ববিয়া সকলে৷লগতে সাংসদ গৌৰৱ গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সহ প্ৰতিবাদ কাৰী সকলৰ আগমনৰ সম্ভেদ পাই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ মূখতে বেৰিকেট লগাই প্ৰৱেশ পথ বন্ধ কৰাৰ বাবে প্ৰতিবাদকাৰী সকল আৰু বেছি ক্ষুব্ধ হৈ পৰে আৰু হিমন্ত বিশ্ব শৰ্মাই অসমক পুলিচ ৰাজ্য ঘোষণা কৰক বুলি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ তেওলোকৰ মতে , উত্তৰ প্ৰদেশত সংঘটিত হোৱা যি অন্যায় অবিচাৰৰ অৰ্থাৎ কৃষক আইনৰ বিৰোধিতা কৰি আন্দোলন কৰি থকা সময়ত মন্ত্ৰীপুত্ৰই আন্দোলনকাৰী কৃষকক গাড়ীৰে হত্যা কৰিছিল ৷ উক্ত কৃষক সকলৰ খবৰ ল’বলৈ যাওতে প্ৰিয়ংকা গান্ধীক পুলিচৰ হতুৱাই গ্ৰেপ্তাৰ কৰা হয় ৷ গতিকে , উক্ত ক’লা আইন আৰু প্ৰিয়ংকা গান্ধীৰ মুক্তিৰ দাবীত কংগ্ৰেছৰ ৰাইজ সহ কংগ্ৰেছৰ বিষয় ববিয়াসকল আজি গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ আহিছিল ৷ পিছে তেওলোকক প্ৰৱেশত বাধা দিয়া হৈছে ৷ বেৰিকেট দি উপায়ুক্তক লগ কৰাত বাধাৰ সৃষ্টি কৰিছে ৷ জিলাৰ উপায়ুক্তই যদি সাংসদ নাইবা সাধাৰণ ৰাইজক লগ কৰিবলৈ আজৰি নাই , তেন্তে কেনেকৈ হ’ব বুলি ক্ষুভ উজাৰি প্ৰতিবাদ সাব্যস্ত কৰা বুলিও জানিব পৰা যায় ৷