সোণাৰিত আলফা স্বাধীনত যোগদান কৰিবলৈ যোৱা যুৱকক গ্ৰেপ্তাৰ

182

সোণাৰিত আলফা স্বাধীনত যোগদান কৰিবলৈ যোৱা যুৱকক গ্ৰেপ্তাৰ

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, ৬ অক্টোবৰঃ যোৱা ২৯ ছেপ্টেম্বৰত নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বা)ত যোগদান কৰিবলৈ আহি সোণাৰিত আৰক্ষীৰ জালত সাতজনকৈ যুৱক পৰাৰ পিছত যোৱানিশা বিদ্ৰোহী সংগঠনটোলৈ যোগদান কৰিবলৈ যোৱা আন এজন যুৱকক আৰক্ষী আৰু আছাম ৰাইফলছৰ এটা অভিযানকাৰী দলে আটক কৰিবলৈ সক্ষম হয় । ঘটনাৰ বিৱৰণী মতে , আলফা (স্বাধীন)ৰ নেতা অভিজিত গগৈ ওৰফে আইচেং অসমৰ নিৰ্দেশত পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছু আৰক্ষী থানাৰ অন্তৰ্গত ৰূপাপথাৰ গাঁৱৰ দ্বীপজ্যোতি শইকীয়া (২৭)ই আলফা (স্বাধীন)ত যোগদান কৰিবলৈ নগালেণ্ডৰ মন জিলা হৈ ম্যানমাৰ শিবিৰলৈ গৈ থকা অৱস্থাত চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ মাজ মজিয়াৰ পৰা কালি নিশা গোপন সূত্ৰৰ পম খেদি সোণাৰি আৰক্ষী আৰু আছাম ৰাইফলছৰ এটা অভিযানকাৰী দলে যুৱকজনক আটক কৰে ।আলফা(স্বা)ৰ সদস্যৰ ফেচবুকযোগে যোগাযোগ কৰি নিষিদ্ধ ঘোষিত সংগঠনটোত যোগদান কৰিবলৈ আহিছিল যুৱকজন । বৰ্তমান যুৱকজনৰ বিৰুদ্ধে সোণাৰি আৰক্ষী থানাই ১২০ (বি) ,১২১,১২১(এ), আৰ ডব্লিউ ১০/১৩ , ১৮ (বি) ধাৰাৰ অধীনত ২০৬/২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে । উল্লেখযোগ্য যে , যুৱকজনে বাংগালুৰুত এটা ব্যক্তিগত কোম্পানীত চাকৰি কৰিছিল আৰু কোভিডৰ বাবে হোৱা লকডাউনৰ পৰিপ্ৰেক্ষিতত পুনৰ তালৈ নগৈ আলফা(স্বাধীন)ত যোগদানৰ সিদ্ধান্ত লোৱা বুলি যুৱকজনে সোণাৰি আৰক্ষীৰ আগত সদৰি কৰিছে ।