মহালয়া উপলক্ষে বিশ্ব কল্যাণৰ অৰ্থে শিৱসাগৰত বাৰোৱাৰী পূজা সমিতিৰ প্ৰভাত ফেৰি

191

মহালয়া উপলক্ষে বিশ্ব কল্যাণৰ অৰ্থে শিৱসাগৰত বাৰোৱাৰী পূজা সমিতিৰ প্ৰভাত ফেৰি

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , অমৃত কুমাৰ শৰ্মাঃ মহালয়া শব্দৰ উৎপত্তি সংস্কৃতৰ পৰা হৈছে । সংস্কৃতত “মহ” শব্দৰ অৰ্থ হৈছে প্ৰেত আৰু আলয়া শব্দৰ অৰ্থ “আশ্ৰয়” ৷ অৰ্থাৎ মহালয়াৰ দিনটোলৈকে প্ৰেতপক্ষ বুলি গণ্য কৰা হয় ৷ পৌৰাণিক আখ্যান অনুসৰি মহালয়াৰ দিনটোত মা দুৰ্গা পৃথিৱীলৈ আহি নিজৰ সন্তানৰ ওপৰত আশীষ প্ৰদান কৰি সন্তানক আসুৰিক শক্তিৰ পৰা ৰক্ষা কৰে ৷ উক্ত লোক বিশ্বাসকে সৰোগত কৰি সমগ্ৰ দেশৰ লগতে শিৱসাগৰ নগৰতো ৬ অক্টোবৰ মহালয়া উপলক্ষে কালিপ্ৰসাদ সোঁৱৰণী ভৱন প্ৰাংগণৰ পৰা পুৱা ৫ বজাত শিৱসাগৰৰ অন্যতম বাৰোৱাৰী পূজা সমিতিয়ে বিশ্বৰ কল্যাণৰ বাবে মা দুৰ্গাৰ নাম প্ৰসংগসহ পদযাত্ৰা কৰে ৷ পদযাত্ৰাত বাৰোৱাৰী পূজা সমিতিৰ সভাপতি দয়াল খাউণ্ড , সম্পাদক মৃদুল কুমাৰ অধ্যাপক , হিন্দু ধৰ্মসভা নামঘৰৰ বিষয়ববীয়া , বাৰোৱাৰী মহিলা মঞ্চৰ সম্পাদিকা উৎপলা শ্ৰুতিকৰ বৰুৱা কে আদি কৰি বিষয়ববীয়া সকলৰ লগতে অৰ্ধশতাধিক সদস্য-সদস্যাই অংশগ্ৰহণ কৰে ৷ আনহাতে , বাৰোৱাৰী পৰিয়ালে বিগত বহু বছৰৰ দৰে এইবাৰো সন্ধ্যা বন্তি প্ৰজ্বলন কৰি কালিপ্ৰসাদ সোঁৱৰণী ভৱন প্ৰাংগণ জিলিকাই তোলে ৷