হোজাইত উপায়ুক্ত অনুপম চৌধুৰীৰ সৈতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ গুৰুত্বপূৰ্ণ সভা

199

হোজাইত উপায়ুক্ত অনুপম চৌধুৰীৰ সৈতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ গুৰুত্বপূৰ্ণ সভা

জমিৰউদ্দিন তালুকদাৰ, ডবকা ৬ অক্টোবৰঃ আজি হোজাই জিলাৰ শংকৰদেৱ নগৰস্থিত আৱৰ্ত ভৱনত উপায়ুক্ত অনুপম চৌধুৰীৰ সভাপতিত্বত কৃষি, উদ্যোগ আৰু বাণিজ্য, এপিডিচিএল, জনস্বাস্থ্য কাৰিকৰী, পশুপালন আৰু পশু চিকিৎসা, মীন, লোক নিৰ্মান (গৃহ) আদি বিভাগ সমূহৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন উন্নয়নমূলক আচঁনিৰ কামৰ অগ্ৰগতিৰ সম্পৰ্কত এক গুৰুত্বপূৰ্ণ আলোচনা সভা অনুষ্ঠিত হৈ যায় ৷ সভাত উপায়ুক্তই ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত চলি থকা কাম-কাজৰ শেহতীয়া স্থিতিৰ খতিয়ান লয় ৷ এই ক্ষেত্ৰত কামসমূহ আৰু অধিক ক্ষিপ্ৰতাৰে আগুৱাই নিয়াৰ বাবে সংশ্লিষ্ট বিভাগসমূহে নিজৰ মাজত সমন্বয় গঢ়ি সহযোগিতা আৰু যোগাত্মক মনোভাৱেৰে কাম কৰি যাবলৈ উপায়ুক্ত গৰাকীয়ে নিৰ্দেশ দিয়ে ৷ তদুপৰি জনসাধাৰণৰ উন্নতিকল্পে লোৱা প্ৰতিটো আঁচনিৰ কাম সমূহ সঠিক আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে নিয়মিত পৰ্যবেক্ষণ কৰি থাকিবলৈ সংশ্লিষ্ট বিভাগৰ মুৰব্বী বিষয়াসকলক উপায়ুক্তই নিৰ্দেশ দিয়ে ৷ আজিৰ সভাত অতিৰিক্ত উপায়ুক্ত (উন্নয়ন) গকুল চন্দ্ৰ ব্ৰহ্ম, চক্ৰ বিষয়াসকল, পৌৰসভা সমূহৰ কাৰ্যবাহী বিষয়াসকল, খণ্ড উন্নয়ন বিষয়াসকল প্ৰমুখ্যে সংশ্লিষ্ট বিভাগসমূহৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে ৷