কঁকালত বিষলৈ একেদিনাই ৬ টাকৈ কাৰ্যসূচীত অংশ গ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ

191

কঁকালত বিষলৈ একেদিনাই ৬ টাকৈ কাৰ্যসূচীত অংশ গ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , মিছামাৰীৰ পৰা আজিজুৰ ৰহমান , ৬ অক্টোবৰ : ৫ অক্টোবৰৰ দিনটোত শিক্ষামন্ত্ৰী ডঃ ৰনোজ পেগুক ঢেঁকীয়াজুলি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংহলৰ লগত দেখাগল শোণিতপুৰত । মন্ত্ৰী অশোক সিংহলে শিক্ষামন্ত্ৰী ডঃ ৰনোজ পেগুৰ লগত কঁকালৰ বিষলৈ ঢেঁকীয়াজুলি সমষ্টিৰ বিভিন্ন অঞ্চলত ৬ টাকৈ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা দেখা যায় । অসম চৰকাৰৰ চতুৰ্দশ আৰু পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজিৰে গৰুবন্ধা গাওঁ পঞ্চায়তৰ দ্বাৰা মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভূমিত নিৰ্মিত শিশু উদ্যান আৰু শৰীৰ চৰ্চা কেন্দ্ৰৰ উদ্বোধন কৰে শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুৰ লগতে স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংহলে । মিছামাৰী কলেজক চৰকাৰীকৰণ কৰাৰ দাবী জনায় বিধায়ক সিংহলে ৷ লগতে মিছামাৰীৰ পৰা পোনে পোনে শোণিতপুৰ পলিটেকনিকো পৰিদৰ্শন কৰে মন্ত্ৰী দুগৰাকীয়ে । ঢেকিয়াজুলি আৰু বৰছলা সমষ্টিত মাত্ৰ এখন মহাবিদ্যালয় আছে , সেইখন হ’ল লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয় ৷ বৰ্তমান লোকনায়ক মহাবিদ্যালয়ত নামভৰ্তিকে ধৰি বিভিন্ন সমস্যা আছে । শোণিতপুৰৰ পলিটেকনিক কলেজ পৰিদৰ্শন কৰি পুনৰ লৰ মাৰে লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ এক কাৰ্য্য সূচীলৈ । মহাবিদ্যালয় কৰ্তৃপক্ষই উক্ত দিনাই আয়োজন কৰিছিল কেন্দ্ৰীয় গ্ৰন্থাগাৰ উদ্বোধনী সভাৰ । সভাত উদ্বোধক হিচাপে আমন্ত্ৰণ জনাইছিল শিক্ষা মন্ত্ৰী ডঃ ৰনোজ পেগুক আৰু বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনাইছিল সমষ্টিটোৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংহলক । ইফালে , মহাবিদ্যালয়ৰ এই উদ্বোধনী সভাত ভাষণ প্ৰসংগত গুৰুত্বপূৰ্ণ মন্ত্যৱ্য কৰে মন্ত্ৰী ডঃ পেগুৱে লগতে ঢেঁকীয়াজুলিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংহলোঁ নিজৰ ভাষণ প্ৰশংগত মহাবিদ্যালয়ৰ শিক্ষা ব্যৱস্থাৰ ওপৰত গুৰুত্ব পূৰ্ণ বক্তব্য প্ৰদান কৰা দেখা যায় । মহাবিদ্যালয়ৰ এই কাৰ্যসূচীৰ অন্তত পুনৰ ঢেঁকীয়াজুলিৰ বালিশীয়া,ভালুক ধৰাত স্বেচ্ছাসেৱী সংগঠনৰ দ্বাৰা আয়োজিত হস্ততাঁত বয়ন শিল্প উদ্যোগৰ শুভ উদ্বোধনী অনুষ্ঠানলৈ লৰ মাৰে মন্ত্ৰী দুগৰাকীয়ে । বয়ন শিল্প উদ্যোগৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি পুনেপোনে বিধায়ক তথা মন্ত্ৰী অশোক সিংহলে সতীৰ্থ মন্ত্ৰী ৰনোজ পেগুক লগতলৈ নিজ বাসগৃত দলীয় কৰ্মীৰ দ্বাৰা আয়োজিত দলীয় সভাত অংশগ্ৰহণ কৰা দেখা যায় । এনেদৰেই কঁকালত বিষলৈ সতীৰ্থ মন্ত্ৰী ৰনোজ পেগুৰ লগত একেদিনাই ঢেঁকীয়াজুলিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংহালে অংশগ্ৰহণ কৰে ৬ টাকৈ ইটোৰ পিছত সিটো কাৰ্য্যসূচীত । কঁকালৰ বিষত থিয় হব নোৱাৰা মন্ত্ৰী অশোক সিংহলে অংশ গ্ৰহণ কৰা কাৰ্যসূচী সমূহত কৰবাত যদি কষ্টৰে থিয় সম্বৰ্ধনা গ্ৰহণ কৰিছে। আন কৰবাত বহিয়েই ৰাইজক সম্ভোধন কৰি ভাষণ প্ৰদান কৰিছে । উল্লেখ্য যে , শোণিতপুৰত আহি মিছন বসুন্ধৰাৰ সুফলৰ বিষয়ে উল্লেখ কৰে মন্ত্ৰী ডা° পেগুৱে আৰু ফৰেষ্ট এৰিয়াত মানুহ থাকিব লাগে ৷ ২০০৬ চনত পাৰ্লিয়ামেণ্টত এখন আইন পাছ হ’ল যে ফৰেষ্টত থাকিলে লেণ্ড পট্টা দিব লাগিব ৷ ঢেকিয়াজুলি সমষ্টিৰ বনগাঁও সমূহত বৃহৎ লোকে গাওঁ পঞ্চায়তৰ সুবিধা পোৱা নাই ৷ মিছন বসুন্ধৰাৰ জৰিয়তে এই বনাঞ্চলৰ লোকসকলে মাটিৰ পট্টা লাভ কৰিব ৷ অসম চৰকাৰে পূৰ্বে নকৰা বহু কাম সম্পন্ন কৰিছে । ২৫০০ বিদ্যালয়লৈ ৫০ লাখ টকা আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰদান কৰিব ৷ বিদ্যালয় সমূহ ভাগ ভাগ নহয় প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ থাকিব ৷ অহা বছৰৰ পৰা উচ্চতৰ মাধ্যমিক শ্ৰেণী মহাবিদ্যালয়ৰ পৰা কৰ্তন হ’ব ৷ প্ৰত্যেকখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখা প্ৰৱৰ্তন কৰা হ’ব গাঁৱে ভূঁঞে বুলি জানিবলৈ দিয়ে মন্ত্ৰী পেগুৱে । এইফালে শিক্ষা মন্ত্ৰী গৰাকীয়ে ২০২২ চনৰ ভিতৰত ৰাজ্যৰ সকলোবোৰ পলিটেকনিকৰে সামগ্ৰিক সমস্যা সমাধান কৰিব বুলি জানিবলৈ দিয়ে ৷