বিলাসীপাৰাত মীন প্ৰশিক্ষণ সমপন্ন

176

বিলাসীপাৰাত মীন প্ৰশিক্ষণ সমপন্ন

দুৰ্নীতিৰ দৰ্পণ সেৱা , হজৰত আলী , নায়েৰ আলগা , ৮ অক্টোবৰঃ ধুবুৰী জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বিলাসীপাৰাৰ ঘুনঘুনীয়া খাতাত তিনি দিনীয়া মীন প্ৰশিক্ষণৰ আয়োজন কৰা হয় ৷ উক্ত প্ৰশিক্ষণত মাছৰ স্বাস্থ্য সন্মত প্ৰক্ৰিয়াকৰন আৰু মুল্য সংযোজিত সামগ্ৰী উৎপাদনৰ ওপৰত ভাৰতীয় কৃষি পৰিষদৰ কেৰেলাস্হীত মীন পালন চেন্ট্ৰাল ইনষ্টিটিউট অব ফিচাৰিজ টিকনোলোজিৰ অধীনত অনুচিত জনজাতিৰ মীন পালনৰ প্ৰশিক্ষণ কৰা হয় ৷ অসম কৃষি বিদ্যালয়ৰ অধীনস্থ ধুবুৰীৰ মীন বিশেজ্ঞ অভিজিত পাল প্ৰশিক্ষণৰ আয়োজন কৰে ৷ উক্ত প্ৰশিক্ষণত ৪০ জন যুবক যুবতীয়ে অংশ গ্ৰহণ কৰে ৷ প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে অংশ লয় বিলাসীপাৰাৰ ব্লক মীন উন্নয়ন বিষয়া জুলফিকাৰ আলী , বিজ্ঞানী ডঃ ফখৰ উদদিন আহমেদ , অৰ্থনীতিবিদ ডঃ ঘনকান্ত শৰ্মা , বিলাসীপাৰাৰ আচ্যাৰ্য শিৱাজী কৰ্মকাৰ , প্ৰশিক্ষণ দিয়ে ৷ মাছৰ বিভিন্ন সংৰক্ষণ , প্ৰক্ৰিয়াকৰণ পদ্ধতিৰ ওপৰত আলোচনা কৰা হয় ৷ প্ৰশিক্ষাৰ্থীক বিভিন্ন সামগ্ৰী যেনে মাছৰ আচাৰ , ফিচ ফিঙাৰ , মাছৰ পাপৰ আদি বনোৱাৰ প্ৰশিক্ষণ দিয়ে অভিজিত পালে ৷