ভৱানীপুৰত ফণী তালুকদাৰৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা , অসম আন্দোলনৰ প্ৰথম শ্বহীদৰ সমষ্টি এ আই ইউ ডি এফৰ দখলত থকাটো অতিকৈ দুখজনক

224

ভৱানীপুৰত ফণী তালুকদাৰৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা , অসম আন্দোলনৰ প্ৰথম শ্বহীদৰ সমষ্টি এ আই ইউ ডি এফৰ দখলত থকাটো অতিকৈ দুখজনক

দুৰ্নীতিৰ দৰ্পণ সেৱা , সঞ্জীৱ দাস , ভৱানীপুৰ, ৮ অক্টোবৰঃ ভৱানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ মনোনীত প্রাৰ্থী ফণীধৰ তালুকদাৰৰ সমৰ্থনত আয়োজিত এখন বিশাল নিৰ্বাচনী সভাত আজি অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । অংশগ্ৰহণ কৰি তেওঁৰ ভাষণত কয়-“অসম আন্দোলনৰ প্রথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ গৃহ ভূমি ভৱানীপুৰ সমষ্টি এ আই ইউ ডি এফৰ হাতত থকাত মনতো বহুত বেয়া লাগি আছিল । এইবাৰ আমি মিত্রজোঁটৰ ৭৫ গৰাকী বিধায়কক লৈ চৰকাৰ গঠন কৰিছোঁ । আমি সুন্দৰকৈ পাঁচ বছৰ চলি যাব পাৰো । কিন্তু মোৰ মনত দুখ আছিল ভৱানীপুৰক লৈ । মই এ আই ইউ ডি এফৰ পৰা বিধায়ক নিৰ্বাচিত হোৱা ফণীধৰ তালুকদাৰক বিধায়ক পদ ত্যাগ কৰি বিজেপিত যোগদান কৰিবলৈ কৈছিলোঁ” । তেওঁঁ কয় যে , ফণীধৰ তালুকদাৰে ৩২ টা চুক্তি মানি ল’লে বিধায়ক পদ ত্যাগ কৰি বিজেপিত যোগদান কৰিব বুলি মোক জনাই দিছিল । চুক্তি সমুহত কিন্তু তেওঁৰ কোনো ধৰণৰ ব্যক্তিগত কথা নাছিল । শৰ্মাৰ লগতে কয় যে , চুক্তিসমুহত তেওঁৰ ল’ৰা-ছোৱালীৰো কোনো কথা নাছিল । চুক্তিসমুহ ৰাজহুৱা কৰি তেওঁ লগতে কয় যে , ভৱানীপুৰ এটা এনেকুৱা সমষ্টি য’ত উন্নয়ন খণ্ড এটাও নাই । ভৱানীপুৰ সমষ্টিৰ চুকে কোণে উন্নয়ন হ’ব লগা কথাহে চুক্তিখনত আছিল ।মুখ্যমন্ত্ৰী শৰ্মাই স্বভাৱসুলভ কথন ভংগীৰে ভৱানীপুৰত পদুম ফুলিলে সকলোবিলাক চুক্তি আখৰে আখৰে পালন কৰা হ’ব বুলিও সমবেত প্রায় পাঁচ সহস্ৰাধিক লোকক প্রতিশ্রুতি প্রদান কৰে । আনহাতে , বিজেপিয়ে অসমখন দেশৰ পাঁচখন শ্রেষ্ট ৰাজ্যৰ এখন ৰূপে প্রতিষ্ঠা কৰাৰ বাবে হাততলোৱা আঁচনিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে , আমি প্রথমতে দালালবোৰ চাফা কৰি লম। এপ্রিল মাহৰ ভিতৰত এক লাখ নিবনুৱাক চাকৰি প্রদান কৰিম । আৰক্ষী বিভাগত নতুনকৈ দহ হাজাৰ চাকৰি প্রদান কৰিম । তেওঁ লগতে কয় যে , আগন্তুক পাঁচ বছৰৰ বাবে আমি বহুত নতুন নতুন কাম কৰিম । বসুন্ধৰা আঁচনিৰ দ্বাৰা ভূমি সংক্রান্তৰ সকলো বিলাক কাম কৰিম । আনহাতে , মুখ্যমন্ত্ৰী শৰ্মাই বিজেপিয়ে মুকলি মনেৰে মিত্রতাৰ ধৰ্ম পালন কৰা হ’ব বুলি নিজৰ ভাষণত উল্লেখ কৰি তামুলপুৰ আৰু গোসাইগাঁঁও সমষ্টি ইউ পি পি এল দলক এৰি দিয়াৰ কথা ব্যক্ত কৰে । সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই বক্তব্য প্রদান কৰি কয় যে , ভৱানীপুৰৰ স্বাভিমানৰ বাবে ফণীধৰ তালুকদাৰে বিধায়ক পদ ত্যাগ কৰিছে । কাৰণ ভৱানীপুৰ হ’ল শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ জন্মভূমি । ভৱানীপুৰৰ এই যুঁজ হ’ব স্বাভিমানৰ যুঁজ , সংস্কৃতিৰ যুঁজ । ইউ পি পি এল দলৰ সভাপতি তথা বিটিআৰ প্রধান প্রমোদ বড়োৱে এতিয়া অসমত শান্তি আৰু নিৰাপত্তাৰ পৰিৱেশ সৃষ্টি হৈছে । বড়োভূমি-কাৰ্বিভূমিত অস্ত্র সম্বৰণ কৰি শান্তিৰ পথলৈ আহিছে । এতিয়া বড়োভূমিত অস্ত্রধাৰী সকলৰ কথা বাদেই শ-শ চোৰাংচিকাৰীয়েও শুদ্ধ পথলৈ আহিছে । এতিয়া প্রগতিৰ পথ এটা নিৰ্মাণ হৈছে । এতিয়া চাকৰিৰ বজাৰ ৰাজ্যত চলা নাই বুলি নিজৰ ভাষণ প্ৰসংগত কোৱাৰ লগতে বিজেপি , ইউ পি পি এল , অসম গণ পৰিষদৰ মিত্রজোঁটৰ প্রাৰ্থীক উপ-নিৰ্বাচনত ভোট দিবলৈ আহ্বান কৰে ।সভাখনত হস্ত তাঁত আৰু বস্ত্র শিল্প বিভাগৰ মন্ত্ৰী তথা ইউ পি পি এল দলৰ জ্যেষ্ঠ নেতা উৰ্খাও গৌৰা ব্রহ্মই অংশ গ্ৰহণ কৰি অসমত বৰ্তমান সকলোতকৈ শক্তিশালী চৰকাৰ চলি আছে । উপ নিৰ্বাচনৰ দ্বাৰা নতুন চৰকাৰ চলি আছে , সেয়ে যিসমুহ সমষ্টিত নিৰ্বাচন হ’ব ইয়াত চৰকাৰৰ পক্ষত থাকি ৰাইজে ভোট প্রদান কৰিবলৈ আহ্বান জনায় । তেওঁ লগতে মুছলমান সকলেও এতিয়া উন্নয়নৰ কথা চিন্তা কৰিব লাগে । শিক্ষা , বিজ্ঞান , অৰ্থনীতিৰ কথা ভাবিব লাগে বুলি কয় । সভাত মনোনীত প্রাৰ্থী ফণীধৰ তালুকদাৰেও ভাষণ দিয়ে । বিজেপিৰ বজালী জিলা কমিটিৰ উপ সভাপতি নিপন ডেকাই পৰিচালনা কৰা সভাত পঞ্চায়ত আৰু গ্রামোন্নয়ন তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰণজিত কুমাৰ দাস , স্বাস্থ্য মন্ত্রী পীয়ূষ হাজৰিকা , প্রাক্তন মন্ত্রী ফণীভূষণ চৌধুৰী ,বিধায়ক ভূপেন বড়ো , বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰাতুল শৰ্মা,মৰ্চাস মুহৰ ৰাজ্যিক সমন্বয়ক মনোজ বৰুৱা , অগপ প্রাক্তন বিধায়ক ড০ মনোৰঞ্জন দাসে ভাষণ প্ৰদান কৰে ।