জামুগুৰিহাটত শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ কৰ্মী সভা , ছাত্ৰ সন্থাই কেতিয়াও কোৰো লগত আপোচ কৰা নাই ,ভবিষ্যতে ও নকৰে

221

জামুগুৰিহাটত শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ কৰ্মী সভা , ছাত্ৰ সন্থাই কেতিয়াও কোৰো লগত আপোচ কৰা নাই ,ভবিষ্যতে ও নকৰে

দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ৯ অক্টোবৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ ওপৰত বিভিন্ন সময়ত বিভিন্ন ষড়যন্ত্ৰৰ ৰচনা হৈ আছে । কিন্তু এই ষড়যন্ত্ৰক সাহসৰে ওফৰাই নিজৰ লক্ষ্যত উপনীত হবলৈ ছাত্ৰ সন্থাই সদায় আগবাঢ়ি গৈয়েই আছে । সদৌ অসম ছাত্ৰ সন্থাই কেতিয়াবা কোনো শক্তিৰ ওচৰত আপোচ কৰা নাই আৰু ভবিষ্যতেও নকৰে । এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথৰ । আজি সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ উদ্যোগত জামুগুৰিহাটৰ বাপুজী ভৱণত অনুষ্ঠিত হোৱা শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ এখন কৰ্মী সভাত মুখ্য অতিথি হিচাপে উপস্থিতি থাকি সদৌ অসম ছাত্ৰ সন্হাৰ সভাপতি গৰাকীয়ে এইদৰে কয় । আছুৰ সভাপতি গৰাকীয়ে লগতে মাধ্যম আন্দোলনৰ পৰা আৰাম্ভ কৰি শেহতীয়াকৈ ‘কা’ আন্দোলন লৈকে অসমীয়া ৰাইজৰ জটিল সময় ৰাইজৰ কাষত থকা বুলিও ব্যক্ত কৰে ।শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত আছুৰ বৰ্তমানৰ সদস্য সকলক অধ্যায়নপুষ্ঠ হৈ নিজৰ দায়িত্ব আৰু কৰ্তব্যত মনোনিবেশ কৰিবলৈও আহ্বান জনায় । শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মনোজ দাসে আতঁ ধৰা আৰু জামুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক উদ্দীপ্ত কাশ্যপে উদ্দেশ্য বাখ্যা কৰা কৰ্মীসভা খন মুকলি কৰি ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ অজিত হাজৰিকাই ছাত্ৰ সন্থাৰ সদস্য সকলক সমাজৰ অতন্দ্ৰ পহৰী হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে অসম আন্দোলনৰ শ্বহীদক অপমান কৰা লোকসকলৰ শেষ ঠিকনা জেল নহয় , দেশান্তৰহে হ’ব লাগে বুলি মন্তব্য কৰে । কৰ্মী সভাখনত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহ:কাৰী সম্পাদক প্ৰজ্ঞান ভূঞা , কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক সদস্য নিতুল বৰা, ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাহিত্য সম্পাদীকা পৰিস্মিতা বৰাকে আদি ছাত্ৰ সন্থাৰ বিষয় ববিয়া সকল উপস্থিত আছিল ।