বোকাজানত পুনৰ কেইবা কোটি টকাৰ ড্ৰাগছ জব্দ

154

বোকাজানত পুনৰ কেইবা কোটি টকাৰ ড্ৰাগছ জব্দ

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ৯ অক্টোবৰঃ কাৰ্বি আংলং জিলাৰ বোকাজান ৰাজ্যৰ ভিতৰতে ড্ৰাগছৰ ঘাটি স্বৰূপ হৈ পৰিছে। পুনৰ বোকাজানত জব্দ কেইবা কোটি টকাৰ ড্ৰাগছ।ৰাজ্যৰ অন্য ঠাইত লাখ লাখ টকাৰ ড্ৰাগছ জব্দ হোৱাৰ বিপৰীতে বোকাজানত এইবাৰ আঢ়ৈ (২.৫) কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী।এইবাৰো স্থান একেই, বোকাজানৰ পুৰণা লাহৰিজানত এই বুজন পৰিমান ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে। আৰক্ষীৰ নাকা তালাচীত জব্দ হয় ৩৮০ গ্ৰাম হেৰ’ইন। ২৭ টা চাবোনৰ বাকচত আনিছিল হেৰ’ইনখিনি।মণিপুৰৰ পৰা গুৱাহাটী অভিমুখী এখন যাত্ৰীবাহী বাছত লৈ আনিছিল ড্ৰাগছ খিনি। ড্ৰাগছখিনিৰ সৈতে আটক সৰবৰাহকাৰী আজাদ খান।জব্দকৃত ড্ৰাগছ খিনিৰ বজাৰ মূল্য প্ৰায় ২.৫ কোটি টকা। ড্ৰাগছ সৰবৰাহ কৰা বাছ খনৰ নম্বৰ MN-06B-1341।উল্লেখ্য যে, চলিত সপ্তাহতে বোকাজানৰ পুৰণা লাহৰিজানত ২ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিল আৰক্ষী।সেইবাৰো আৰক্ষীৰ নাকা তালাচীত জব্দ হৈছিল ৩২০ গ্ৰাম হেৰ’ইন। ২৫ টা চাবোনৰ বাকচত আনিছিল ড্ৰাগছখিনি। ডিমাপুৰৰ পৰা AS09 AC 4179 নম্বৰৰ এখন বাছত আনিছিল ড্ৰাগছখিনি।ড্ৰাগছৰ লগতে ধৃত ড্ৰাগছ সৰবৰাহকাৰী অমৰ খানকো আটক কৰিছিল বোকাজান আৰক্ষীয়ে। এইবাৰো সৰবৰাহকাৰী আজাদ খান আৰক্ষীৰ জালত।বোকাজান মহকুমা আৰক্ষী জন দাসৰ নেতৃত্বত চলিছিল এই সফল অভিযান ।