অৱশেষত গ্ৰেপ্তাৰ জি এন আৰ চিৰ জ্যেষ্ঠ চিকিৎসক নভনীল বৰুৱা

189

অৱশেষত গ্ৰেপ্তাৰ জি এন আৰ চিৰ জ্যেষ্ঠ চিকিৎসক নভনীল বৰুৱা

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, ১০ অক্টোবৰঃ গুৱাহাটীৰ হিট এণ্ড ৰান গোচৰত অভিযুক্তক মিছাকৈ অসুস্থ বুলি হাস্পতালৰ আই চি ইউত ৰখাৰ বাবে অৱশেষত গ্ৰেপ্তাৰ কৰা হ’ল চিকিৎসক নভনীল বৰুৱাক । উল্লেখ্য , ২ অক্টোবৰত গুৱাহাটীৰ ৰুক্মিণীগাঁৱত ৰাজকন্যা বৰুৱাই সংঘটিত কৰা ভয়ংকৰ দুৰ্ঘটনাত ৮ গৰাকীকৈ শ্ৰমিক গুৰুতৰ ভাৱে আহত হোৱাৰ পিছত জামিনত মুকলি হৈছিল । পিছদিনা তেওঁক অসুস্থতাৰ দোহাই দি জি এন আৰ চি হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল । অভিযোগ মতে , আই চি ইউত থকাৰ সকলো ব্যৱস্থা কৰি দিছিল জি এন আৰ চিৰ চিকিৎসক নভনীল বৰুৱাই । পাছত চৰকাৰে গঠন কৰি দিয়া মেডিকেল বোৰ্ডে ৰাজকন্যাৰ আই চি ইউত ভৰ্তি হ’ব লগা তেনে কোনো অসুস্থতা পোৱা নাছিল আৰু ৰাজকন্যাক জি এন আৰ চিৰ পৰাই পুনৰ গ্ৰেপ্তাৰ কৰা হৈছিল । এই সমগ্ৰ প্ৰক্ৰিয়াত নভনীল বৰুৱাই সহযোগ কৰাৰ অভিযোগ উত্থাপিত হৈছিল আৰু আৰক্ষীয়ে তেওঁক থানাত হাজিৰ হ’বলৈ চমন জাৰি কৰিছিল । আৰক্ষীয়ে তিনি দিন ধৰি সোধা-পোছা কৰাৰ অন্তত আজি সন্ধিয়া গুৱাহাটীৰ প্ৰতিষ্ঠিত চিকিৎসক নভনীল বৰুৱাক গ্ৰেপ্তাৰ কৰে ।