কোভিড প্ৰতিষেধক লবলৈ ঘৰে-ঘৰে গৈ বুজালে বৰপেটা উপায়ুক্ত‌ই , “ভেকচিন নললে নাপাব বিনামূলীয়া চাউল, চৰকাৰী আঁচনিৰ সুবিধা”: ভূষাল

301

কোভিড প্ৰতিষেধক লবলৈ ঘৰে-ঘৰে গৈ বুজালে বৰপেটা উপায়ুক্ত‌ই , “ভেকচিন নললে নাপাব বিনামূলীয়া চাউল, চৰকাৰী আঁচনিৰ সুবিধা”: ভূষাল

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , হাউলী , ১০ অক্টোবৰ : কোভিড প্ৰতিষেধক গ্ৰহণৰ বাবে ৰাইজক সজাগ কৰিবলৈ বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূষালে ঘৰে ঘৰে অভিযান আৰম্ভ কৰিছে । কালি উপায়ুক্ত গৰাকীয়ে বৰপেটা ৰোড চহৰৰ উপৰি খৈৰাবাৰী , ডুমণীচকী আদি অঞ্চল ভ্ৰমণ কৰি বহু পৰিয়ালৰ পদূলীয়ে পদূলীয়ে গৈ কোভিড প্ৰতিষেধক লোৱাৰ বাবে বুজনি দিয়ে । উপায়ুক্ত গৰাকীয়ে কয় যে , এই ভেকচিন লোৱাৰ পৰা একো ক্ষতি নহয় , বৰঞ্চ উপকাৰহে হ’ব । তদুপৰি টীকা নোলোৱা সকলে অন্ত্যোদয়া অন্ন যোজনা বা বিশেষ অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়াল আঁচনি , প্ৰধান মন্ত্ৰী আৱাস যোঁজনা আৰু এনৰেগাৰ উপৰি অন্যান্য চৰকাৰী আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হ’ব বুলিও তেওঁ সকলোকে জানিবলৈ দিয়ে । উপায়ুক্ত গৰাকীৰ এই অভিযানত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ভাৰপ্ৰাপ্ত উপ সঞ্চালক কৃষ্ণ মণি দাস আৰু পৰিদৰ্শক সুনীল দাসেও সঙ্গ দিয়ে । জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে , উপায়ুক্ত গৰাকীয়ে বৰপেটা ৰোডৰ দুখনমান ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সুলভ মূল্যৰ দোকানলৈ গৈ দোকানৰ গৰাকীক কোভিড প্ৰতিষেধক গ্ৰহণ নকৰা লোকক বিনামূলীয়া চাউলৰ বিতৰণ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়ে । তদুপৰি তেওঁ প্ৰতিখন দোকানত এই সম্পৰ্কত এখন সুকীয়া পঞ্জীয়ন বহী ৰাখি তথ্য নথিভুক্ত কৰিবলৈ পৰামৰ্শ দিয়ে । ইয়াৰ মাজতে ভূষালে কেবাটাও কোভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰি অৱস্থাৰ বুজ লয় । ইয়াৰ পূৰ্বে উপায়ুক্ত গৰাকীয়ে বৰপেটা ৰোডৰ পৰ্যটন বিভাগৰ অতিথি শালাত বৰপেটা ৰোড ব্যৱসায়ী সন্থা আৰু পাইকাৰী বিক্ৰেতা সকলৰ সৈতে এখন বৈঠকত মিলিত হয় । উক্ত সভাত উপায়ুক্ত্ই আগন্তুক দুৰ্গোৎসৱৰ সময়ত ব্যৱসায়ী সকলক কভিড বিধিৰ সকলো নিয়ম কঠোৰ ভাবে পালন কৰিবলৈ , উৎকৃষ্ট মানদন্দ্বৰ খদ্য সামগ্ৰী বিক্ৰী কৰিবলৈ , সকলো দোকানী আৰু কৰ্মচাৰীৰ লগতে গ্ৰাহক সকলৰ দুয়োপালী কভিড টিকাকৰন নিশ্চত কৰিবলৈ , চাফ চিকুনতা বৰ্তাই ৰাখিবলৈ , পলিথিনৰ ব্যৱহাৰ বৰ্জন কৰিবলৈ , সামগীৰ উচিত মূল্যহে লবলৈ আৰু গ্ৰাহকৰ বাবে দোখানৰ সন্মুখত চেনিটাইজাৰ চাবোন পানী আদি মজুত ৰাখিবৈল নিৰ্দেশ দিয়ে ।