ধিং থানা গাঁওৰক্ষী বাহিনীৰ চক্ৰ সংগঠক বিষয়াৰ বিদায়ী আৰু নৱ নিযুক্ত চক্ৰ সংগঠক বিষয়াক আদৰণি
দুৰ্নীতিৰ দৰ্পণ সেৱা , আবুল হুছেইন , টুকটুকী, ১০ অক্টোবৰ : নগাঁও জিলাৰ ধিং থানাৰ চক্ৰ সংগঠক বিষয়া বিশ্বজিৎ নাথৰ ৰূপহী আৰু জাজৰি থানালৈ বদলি হয় । বিগত ছয় বছৰ কাল ধিং আৰু বটদ্ৰৱা থানাৰ চক্ৰ সংগঠকৰ দায়িত্বত আছিল । নাথে অসামাজিক কাৰ্যকলাপ
, ড্ৰাগছ , নিচা আদি বিৰুদ্ধে গাঁৱে-ভূৱে বিভিন্ন সময়ত গাঁওৰক্ষী বাহিনীক লগত লৈ সজাগতা সভা পাতি ৰাইজক সজাক সচেতন কৰি আহিছিল । নাথক আজি বাহিনীৰ সদস্য সকলে অশ্ৰু নয়নে বিদায়ী দিয়ে । ইফালে , আজি কঁচুৱা , ৰহা , কামপুৰ থানাৰ পৰা বদলি হৈ ধিং আৰু বটদ্ৰৱা থানাত যোগদান কৰা পুষ্পৈন্দ মহন্ত ফুলাম গামোচা আৰু জাপিৰে আদৰণি জনোৱা হয় ।