নামৰূপত বাটৰ নাট প্ৰদৰ্শন

288

নামৰূপত বাটৰ নাট প্ৰদৰ্শন

দুৰ্নীতিৰ দৰ্পণ , বিশেষ সেৱা , অৰূপ বৰুৱা , নাহৰকটীয়া , ১০ অক্টোবৰঃ স্বাধীনতাৰ অমৃত মহোৎসৱৰ উপলক্ষে সাৰমন্ত্ৰানালয়ৰ লগত যৌথভাৱে নামৰূপ বি.ভি.এফ.চি কতৃপক্ষই ৪ অক্টোবৰৰ পৰা আজি ১০ অক্টোবৰলৈকে এলানি কাৰ্যসূচী ৰূপায়ন কৰিছে ৷ পৰম্পৰাগত কৃষি পদ্ধতিৰ পৰা প্ৰযুক্তিবিদ্যাৰ কৃষি কৌশল’ক মূল বিষয় হিচাপে লৈ বি ভি এফ চি এল কৰ্তৃপক্ষই বিভিন্ন অঞ্চলত বাটৰ নাট অনুষ্ঠিত কৰি আহিছে । এই কাৰ্যসূচীৰ অংশস্বৰূপে আজি নামৰূপ দৈনিক বজাৰৰ কিষাণ সুবিধা কেন্দ্ৰৰ প্ৰাংগনত এখন বাটৰ নাট প্ৰদৰ্শন কৰে ৷ বি. ভি.এফ.চিৰ মুখ্য কাৰ্মিক বিষয়া পংকজ গগৈৰ পৰিকল্পনা আৰু সহকাৰী অভিযান্ত্ৰিক প্ৰৱন্ধক কাৰ্তিক তালুকদাৰৰ পৰিচালনাৰে প্ৰদৰ্শন কৰা ” সাৰ ব্যৱহাৰ কৰক – প্ৰগতিৰ দিশে আগবাঢ়ি যাওক” শীৰ্ষক বাটৰ নাটখনি সাৰকাৰখানাৰ বিষয়া কৰ্মচাৰী আৰু ছাত্ৰছাত্ৰী সকলে অংশগ্ৰহণ কৰে ৷ উক্ত অনুষ্ঠানত বি.ভি.এফ.চিৰ উৎপাদন সঞ্চালক বিত্ত সঞ্চালককে প্ৰমুখ্যে কৰি অন্য জ্যেষ্ঠ বিষয়া সকল উপস্থিত থাকে ৷ আজি ১০ অক্টোবৰ তাৰিখে এই কাৰ্যসূচীৰ সামৰণি পৰে ।