শিৱসাগৰৰ হিন্দু ধৰ্মসভা নামঘৰত শাৰদীয় বিশেষ নাট ড০ অৰূপ বৰঠাকুৰৰ ” ৰত্ন ভাণ্ডাৰৰ কাহিনী ” মঞ্চস্থ

199

শিৱসাগৰৰ হিন্দু ধৰ্মসভা নামঘৰত শাৰদীয় বিশেষ নাট ড০ অৰূপ বৰঠাকুৰৰ ” ৰত্ন ভাণ্ডাৰৰ কাহিনী ” মঞ্চস্থ

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, অমৃত কুমাৰ শৰ্মা ঃ বহুদিনৰ বিৰতিৰ অন্তত শিৱসাগৰ নগৰৰ হিন্দু ধৰ্মসভা নামঘৰ প্ৰেক্ষাগৃহত ৯ অক্টোবৰৰ সন্ধ্যা ৭ বজাত মঞ্চস্থ হয় ড০ অৰূপ বৰঠাকুৰৰ হাস্যমধুৰ নাট “ৰত্ন ভাণ্ডাৰৰ কাহিনী” ৷ উক্ত নাট্যসন্ধ্যাটি শুভ উদ্বোধন কৰে জ্যেষ্ঠ নাট্য সংগঠক তথা হিন্দু ধৰ্মসভা নামঘৰৰ সভাপতি অনংগ মোহন শৰ্মাই ৷ উল্লেখযোগ্য যে, শিৱসাগৰৰ অপেশাদাৰী নাট্যগোষ্ঠী *নাট্যপীঠ* ৰ উদ্যোগত মঞ্চস্থ হোৱা শাৰদীয় বিশেষ নাটখনি পৰিচালনা কৰে বিশিষ্ট নাট্যকাৰ প্ৰশান্ত শৰ্মা ই ৷ আনহাতে সংগীত ড০ অনিল শইকীয়া আৰু সহ সংগীত উদয় দত্তৰ ৷ হাস্যমধুৰ নাটখনিত ৰজাৰ চৰিত্ৰত অভিনয় কৰা দিলীপ দাস, গভাইত চোৰৰ চৰিত্ৰত দিলীপ শইকীয়া, জ্ঞানানন্দৰ চৰিত্ৰত ডাঃ সুকল্যাণ দাস, মন্ত্ৰীৰ চৰিত্ৰত গৌতম দত্ত ফুকন, প্ৰহৰীৰ চৰিত্ৰত সঞ্জীৱ ভাগৱতী, ৰাজ বিষয়াৰ চৰিত্ৰত কুমুদ কলিতা, চিপাহীৰ চৰিত্ৰত ক্ৰমে অমৰজ্যোতি মহন্ত আৰু দেৱাংগ ভূষণ বৰুৱা, ৰাণীৰ চৰিত্ৰত ৰাইহানা চুলতানা, মন্ত্ৰীৰ পত্নীৰ চৰিত্ৰত পূজা বৰুৱা, ৰাজবিষয়াৰ প্ৰেমিকাৰ চৰিত্ৰত দেৱাশ্ৰী দিক্ষা শাণ্ডিল্য, মালিনীৰ চৰিত্ৰত কুঁহি কুঁৱলী দাস, গভাইত চোৰৰ পত্নীৰ চৰিত্ৰত প্ৰণামী বৰুৱা, সুভদ্ৰাৰ চৰিত্ৰত অভিনয় কৰা সুকণ্যা বৰুৱা আদি সকলোৰে অভিনয় প্ৰশংসনীয় আছিল যদিও নাটখন আৱহ সংগীত, সাজসজ্জা, পোহৰ, শব্দ উপস্থাপনৰ ক্ষেত্ৰত কিছু পিছ পৰি ৰ’ল বুলি নাট্যপ্ৰেমী ৰাইজে ব্যক্ত কৰে ৷ অৱশ্যে ৰত্ন ভাণ্ডাৰৰ কাহিনীয়ে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হয় ৷