সত্ৰ মহাসভাৰ সত্ৰীয়া গায়ন পৰীক্ষাত অসমৰ ভিতৰতে সৰ্ব্বোচ্চ স্থান লাভ জিমলি বৰঠাকুৰৰ , জামুগুৰিহাটত ৰাজহুৱাভাৱে উষ্ম সম্বৰ্দ্ধনা জিমলি বৰঠাকুৰক
দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ১০ অক্টোবৰঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ গেৰেকীচুকস্থিত শোণিত কোৱঁৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ এখনি বিশেষ সম্বৰ্দ্ধনা সভা আজি অনুষ্ঠিত হৈ যায় ৷ বৰভগীয়া মজলীয়া বিদ্যালয় প্ৰাঙ্গঁণত অনুষ্ঠিত এই সম্বৰ্দ্ধনা সভাৰ সভাপতিত্ব কৰে সমাজ কৰ্মী গিৰিশ বৰাই ৷ সভাত অসম সত্ৰ মহাসভাৰ অধিনত অনুষ্ঠিত সত্ৰীয়া গায়ন বৰগীত ২০২০-২১ বৰ্ষৰ উপাধী পৰীক্ষাত অসমৰ ভিতৰতে সৰ্ব্বোচ্চ নম্বৰ লাভ কৰি উৰ্ত্তীন্ন হোৱা জিমলি বৰঠাকুৰক উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ৷ শোণিত কোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ পৰা পৰীক্ষাত অবৰ্ত্তীন্ন হৈ সুখ্যাতি অৰ্জন কৰা বাবে জিমলি বৰঠাকুৰক সংগীত মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই গামোছা, সম্বৰ্দ্ধনা পত্ৰ, কিতাপৰ টোপোলাৰে উষ্ম অভিনন্দন জ্ঞাপন কৰে ৷ শোণিত কোৱঁৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ লগতে অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে জিমনি বৰঠাকুৰক অভিনন্দন জ্ঞাপনৰে বক্তৱ্য প্ৰদান কৰে যুৱ সমাজকৰ্মী সংগ্ৰাম ৰতন ৰাজবংশী, শোণিতপুৰ জিলা গাওঁৰক্ষী বাহিনীৰ উপদেষ্টা জগত শইকীয়া, বৰভগীয়া মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক চন্দ্ৰকান্ত নাথ, শোণিত কোৱঁৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা কৰবী শইকীয়া পৰিচালনা সমিতিৰ অন্যতম বিষয়বৱীয়া যাদৱ গোস্বামী, অবসৰী শিক্ষয়ত্ৰী কবিতা বৰুৱাকে ধৰি বিভিন্নজনে ৷ উল্লেখ্য যে চলিত বৰ্ষত শোণিত কোৱঁৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ পৰা এইবেলি ৭০ গৰাকী ছাত্ৰ ছাত্ৰী অসম সত্ৰ মহা সভাৰ দ্বাৰা পৰিচালিত পৰীক্ষাত অবৰ্ত্তীন্ন হৈছিল আৰু এশ শতাংশই সুখ্যাতিৰে উৰ্ত্তীন্ন হৈছিল ৷