মৈৰাবাৰীত চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

184

মৈৰাবাৰীত চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , বেচামাৰি , ১১ অক্টোবৰ : মৰিগাঁৱৰ মৈৰাবাৰীৰ লেংৰীবৰী গাঁও চাইবাৰ অপৰাধীৰ ৰাজধানীত পৰিণত হৈছে । চিকাৰ হৈছে বিহাৰৰ শ শ লোক মৈৰাবাৰীৰ চাইবাৰ চক্ৰৰ । বিহাৰত সংঘটিত হৈছে এই চাইবাৰ চক্ৰৰ বাবে এক হত্যাকাণ্ড । বিহাৰ আৰক্ষীৰ তদন্তকাৰী দলৰে মৈৰাবাৰী আৰক্ষীৰ যুটীয়া অভিযানত বিহাৰৰ চাইবাৰ কাণ্ডৰ মাষ্টাৰ মাইণ্ড দিলোৱাৰ হুছেইন গ্ৰেপ্তাৰ মৈৰাবাৰী থানা এলেকাৰ লেংৰীবৰী গাঁৱত । দিলোৱাৰ হুছেইনৰ পৰা জব্দ তিনি শতাধিক চিম কাৰ্ড বহু কেইটা মবাইল আৰু বহু আপত্তিজনক তথ্য । দেখাত সাধাৰণ যেন লাগিলেও এই কুখ্যাত দিলোৱাৰে বিভিন্ন চিম কাৰ্ডেৰে অ টি পি চেয়াৰ কৰি লুণ্ঠন কৰিছে বহু ধন । নিজকে বছ বুলি পৰিচয় দি মানুহক ফোনতে দিয়ে দাবি ধমকি । দিলোৱাৰক মৈৰাবাৰী আৰক্ষীয়ে আজি চমজি দিয়ে বিহাৰ আৰক্ষীক । উল্লেখ্য যে , মৈৰাবাৰীৰ লেংৰীবৰী গাঁৱত এতিয়া চুবুৰীয়ে চুবুৰীয়ে চাইবাৰ গেঙ্ক । মৰিগাঁও আৰক্ষীয়ে প্ৰতিদিনেই চাইবাৰ অপৰাধী ধৰি আছে যদিও বৰ্তমানলৈ কোনো চাইবাৰ অপৰাধীকে দৃষ্টান্তমূলক শাস্তি প্ৰদান নকৰাৰ বাবে জেলত দুদিন থাকি ওলাই আহি পুণৰ নামি পৰে ন ন কৌশলেৰে চাইবাৰ অপৰাধত ।