লাহিঙত মহাবিদ্যালয় স্থাপনৰ দাবী আছুৰ , সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

186

লাহিঙত মহাবিদ্যালয় স্থাপনৰ দাবী আছুৰ , সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

দুৰ্নীতিৰ দৰ্পণ সেৱা , টীয়ক , ১১ অক্টোবৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ অন্যতম শক্তিশালী অংগ সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ পঞ্চমখন কাৰ্যনিৰ্বাহক সভা দেওবাৰে লাহিং আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত লাহিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় । জাতীয় শ্বহীদ সকলক শ্ৰদ্ধাস্মৰণ কৰি শ্বহীদ তৰ্পনেৰে আৰম্ভণি হোৱা অৰ্ধশতাধিক জিলা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা কাৰ্যনিৰ্বাহক সভাখনত জিলাখনৰ শৈক্ষিক , সামাজিক , অৰ্থনৈতিক , সাংস্কৃতিক , ক্ৰীড়া ইত্যাদি সকলো ক্ষেত্ৰ সামৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈয়ে সভাপতিত্ব কৰা সভাখনৰ সৰ্বসন্মত সিদ্ধান্ত অনুসৰি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ বৰ্তমানৰ সমিতিখনৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে অহা নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহত ঢেকীয়াখোৱা বৰনামঘৰত ভাওনা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । লগতে আজিৰ সভাই ঘন জনবসতিপূৰ্ণ লাহিং অঞ্চলত এখনো উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নথকাৰ ক্ষেত্ৰত আক্ষেপ প্ৰকাশ কৰি অতিশীঘ্ৰে লাহিং অঞ্চলত এখনি মহাবিদ্যালয় স্থাপনৰ ক্ষেত্ৰত দাবী উত্থাপন কৰাৰ লগতে ছাত্ৰ সন্থাৰ উদ্যোগত স্থনীয় ৰাইজৰ অভিভাৱকত্বত শীঘ্ৰে এখন দাবী সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ ইয়াৰোপৰি জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা লাহিং অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক , বৌদ্ধিক উৎকর্ষ সাধনৰ বাবে জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটা শিশু পুথিভঁৰাল স্থাপনৰো সিদ্ধান্ত গ্ৰহণ কৰা হয় । তাৰ লগতে যুৱ বিনম্ৰ ছাত্ৰ নেতা নাছিৰ হুছেইন সোঁৱৰণী ভলীবল প্ৰতিযোগিতাখনি এইবর্ষ সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ আতিথ্যত যোৰহাট সদৰত অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অতিশীঘ্ৰে অভ্যৰ্থনা সমিতি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ উপৰিও অৰ্থনৈতিক স্বাৱলম্বীতাৰ ক্ষেত্ৰত জিলা ছাত্ৰ সন্থাই বিশেষ গুৰুত্ব প্ৰদানেৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । বিশেষভাৱে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক এলেকাৰ অন্তৰ্গত আঞ্চলিক ছাত্ৰ সন্থা সমূহৰ সকলো সমস্যা সমূহ সমাধানৰ দাবীৰে এখন দাবী চনদ ৰাজঘৰলৈ প্ৰেৰণ কৰাৰ এক সিদ্ধান্ত আজিৰ সভাই গ্ৰহণ কৰে । সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপ দত্তই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য জিতু নেওগ,সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ৰাজীৱ বৰা উপস্থিত থাকে ।