এখন নৈৰ পাৰত ”কবি উজ্জ্বল ডেকাৰ কাব্যগ্ৰন্থ উন্মোচন উন্মোচন

188

এখন নৈৰ পাৰত ”কবি উজ্জ্বল ডেকাৰ কাব্যগ্ৰন্থ উন্মোচন উন্মোচন

ষ্টাফ ৰিপ’ৰ্টাৰ , ৰঙিয়া , ১১ অক্টোবৰঃ গুৱাহাটীস্থিত জ্যোতিচিত্ৰবনৰ প্ৰেক্ষাগৃহত দেওবাৰে ৰঙিয়াৰ চাপনীয়া গাৱৰ বাসিন্দা শিক্ষক উজ্জ্বল ডেকাৰ কাব্যপুথি “এখন নৈৰ পাৰত” এটি কেক কাটি উন্মোচন কৰা হয় । কাব্য গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে ৷ সদৌ অসম সাংস্কৃতিক সমন্বয় সন্থা , নেব’কাছৰ দ্বাৰা আয়োজিত ১৪ তম ৰাষ্ট্ৰীয় বটা প্ৰদান অনুষ্ঠানত সন্থাৰ সভাপতি গগনাষ্টম গগৈৰ লগতে বিশিষ্ট সংগীত শিল্পী পুলক বেনাৰ্জী দেৱ , কবি বৰষা কাশ্যপ , অলি বৰুৱা , শোভন কুমাৰ মেধি , বন্ধুবৰ ৰঞ্জিত কুমাৰ চক্ৰৱৰ্তী , প্ৰেৰণাদায়ক এম.ডি. গুলফাম , শিক্ষক অজয় কুমাৰ শৰ্মা দেৱৰ উপস্থিতিত শিক্ষক কবি উজ্জ্বল ডেকাৰ কাব্যপুথি উন্মোচিত হয় ৷ ডেকাৰ কাব্যপুথিখনত সন্নিৱিষ্ট আছে দুই কুৰিৰো অধিক ভিন্নৰসী কবিতা , যত তেওঁ প্ৰতিটো কবিতাই সহজ সৰল শব্দৰে প্ৰকাশ কৰিছে তেখেতৰ নিপুনতা ৷ কবি অলি বৰুৱাই “এখন নৈৰ পাৰত” শিৰ্ষক কবিতাটি আবৃত্তি কৰি এক সুন্দৰ পৰিবেশৰ সৃষ্টি কৰে ৷ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতে কবি ডেকালৈ নেব’কাছৰ ফালৰ পৰা জনপ্ৰিয় কন্ঠশিল্পী বাবু বৰুৱাই একেখন মঞ্চতে শ্ৰেষ্ঠ কাব্যিক ব্যক্তিত্বৰ সন্মান আগবঢ়ায় ৷ নেব’কাছ নামৰ সংস্থাটোৱে প্ৰতিবছৰে উঠি অহা প্ৰজন্মক বিভিন্ন দিশত আগবঢ়োৱা অৱদানৰ বাবে এনে সন্মানেৰে উৎসাহিত কৰি আহিছে ৷ কবি উজ্জ্বল ডেকাই ইয়াৰ আগতো কেবাটাও ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় বটা গ্ৰহণ কৰি ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ তেওঁৰ এনে সাফল্যত তেওঁৰ পত্নী , পৰিয়াল , বন্ধুবৰ্গৰ লগতে ৰঙিয়াবাসী ৰাইজো গৌৰৱ অনুভৱ কৰিছে আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি তেওঁৰ পুথি “এখন নৈৰ পাৰত” যেন পঢ়ুৱৈ সমাজে আকোৱালি লয় তাৰ বাবে আহ্বান জনায় ৷