শালবাৰীত ইউ পি পি এলৰ সমাবেশত মিত্রজোঁটৰ প্রাৰ্থী ফণীধৰ তালুকদাৰক উষ্ম আদৰণি

183

শালবাৰীত ইউ পি পি এলৰ সমাবেশত মিত্রজোঁটৰ প্রাৰ্থী ফণীধৰ তালুকদাৰক উষ্ম আদৰণি

দুৰ্নীতিৰ দৰ্পণ সেৱা , সঞ্জীৱ দাস , ভৱানীপুৰ , ১২ অক্টোবৰঃঃ শাসকীয় মিত্রজোঁটৰ অংশীদাৰ ইউ পি পি এলৰ শালবাৰী জিলা কমিটীৰ উদ্যোগত আজি দিনৰ ভাগত ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত শালবাৰীত আয়োজিত এখন জনাকীৰ্ণ সমাবেশত ভৱানীপুৰৰ উপ নিৰ্বাচনত বিজেপিৰ মনোনীত প্ৰাৰ্থী ফণীধৰ তালুকদাৰক বিপুল আদৰণি জনায় দলটোৰ বিভিন্ন কমিটীৰ বিষয়ববীয়া আৰু সদস্যসকলে । এই উপলক্ষে শালবাৰী গাঁও পৰিষদ উন্নয়ন কমিটী (ভি চি ডি চি)ৰ কাৰ্যালয়ৰ সমীপত ইউ পি পি এলৰ শালবাৰী জিলা কমিটীৰ সম্পাদক সত্যজিৎ বড়োৰ সভাপতিত্বত অনুষ্ঠিত নিৰ্বাচনী জন সমাবেশত ইউ পি পি এলৰ কেন্দ্ৰীয় কমিটীৰ কাৰ্যকৰী সভাপতি ৰণগৌৰা নাৰ্জাৰীয়ে অংশগ্রহণ কৰি আগন্তুক উপ নিৰ্বাচনত ভৱানীপুৰত ইউ পি পি এলে বিজেপিক আৰু বিজেপি , অগপই তামুলপুৰ , গোসাইগাঁৱত ইউ পি পি এলৰ প্রাৰ্থীক জয়ী কৰিবলৈ সৰ্বশক্তি প্রয়োগ কৰিব বুলি কয় । নেতা গৰাকীয়ে নিজৰ ভাষণত অসমত ড০ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত সঠিকভাৱে মিত্রজোঁটৰ চৰকাৰ চলি আছে । চৰকাৰৰ কাম-কাজতে ইয়াক ফুটি উঠিছে । ঠিক সেইদৰে বিটিচিৰ ৩২ লক্ষ জনসাধাৰণৰ উন্নয়নৰ বাবে প্রমোদ বড়োৰ নেতৃত্বত চৰকাৰ চলিছে । বিটিচিৰ নিৰ্বাচনৰ আগতে আমি দুখীয়া ভূমিহীন মানুহক মাটি দিম বুলি কৈছিলোঁ , আমি দিছোঁ । বিটিচিত প্রমোদ বড়োৰ চৰকাৰ গঠন হোৱা ন মাহ হৈছে । কিন্তু কৰ’না যুদ্ধৰ বাবে দুমাহ ভালকৈ কাম কৰিব পাৰিছে । অসমত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু বিটিচিত প্রমোদ বড়োৰ নেতৃত্বত আগন্তুক দিনত অভাৱনীয় উন্নয়ন হ’ব বুলি দাবী কৰে । তেওঁ লগতে কয় যে , বিটিএডি এলেকাত এসময়ত বহুত নঘটিবলগীয়া ঘটনা সংঘটিত হৈছিল । আন্দোলনৰ নামত বহুত অমানৱীয় কৰ্ম সংঘটিত হৈছিল । জাতি-জনগোষ্ঠীৰ মাজত বিবাদে সংহাৰী ৰূপ ধাৰণ কৰিছিল । এটা অবিশ্বাসৰ মাজত সকলোৱে বাস কৰিব লগা হৈছিল । কিন্ত বৰ্তমান বিটিচিত কোনো উগ্রবাদী সংগঠন নাই । বিটিআৰ চুক্তি কৰাৰ পাছত সকলো মূলসুঁতিলৈ ঘূৰি আহিছে । এতিয়া চোৰাং চিকাৰীয়েও আত্ম সমৰ্পণ কৰি শান্তি আৰু উন্নয়ন বিচাৰিছে । শান্তি প্রতিষ্ঠাৰ কাম সমাপণ হ’ল যেতিয়া এতিয়া উন্নয়নৰ জোৱাৰ হ’ব । সমাবেশত মিত্রজোঁটৰ মনোনীত প্রাৰ্থী ফণীধৰ তালুকদাৰেও অকল মাথো উন্নয়নৰ স্বাৰ্থতে এ আই ইউ ডি এফৰ বিধায়ক পদ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ কথা ভাষণত উল্লেখ কৰাৰ লগতে ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব লগা নিৰ্বাচনত তেওঁক ভোটদান কৰিবলৈ সমষ্টিবাসী ৰাইজক আহ্বান জনায় । সমাবেশত অগপ নেতা মৃণাল কলিতাই ভৱানীপুৰ সমষ্টি ত্যাগৰ সমষ্টি । যি আদৰ্শ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে দেখুৱাই গৈছে বুলি নিজৰ ভাষণত উল্লেখ কৰে । আনহাতে , সমাবেশত ইউ পি পি এলৰ কেন্দ্ৰীয় মহিলা শাখাৰ সভানেত্ৰী বিনা গয়াৰী , সাধাৰণ সম্পাদিকা বিউটী বসুমতাৰী , বড়ো-কছাৰী স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মহীপাল বড়ো , এম চি এল এ দিলীপ বড়ো , বিজেপি নেতা ৰাতুল শৰ্মা , নাগেশ কুমাৰ বৈশ্য , ইউ পি পি এলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদকদ্বয় সুৰেশ সৰকাৰ , ধীৰাজ ডেকা , গোপাল দাস , বিনোদ মছাহাৰীৰ লগতে একাধিক নেতা-নেত্রীয়ে অংশ গ্ৰহণ কৰি প্রাৰ্থী ফণীধৰ তালুকদাৰৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায় ।