গোলাঘাটত সপ্তমী উৎযাপন

199

গোলাঘাটত সপ্তমী উৎযাপন

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ১২ অক্টোবৰ : আজি মহা সপ্তমী ৷ মহা সপ্তমী পূজা উপলক্ষে গোলাঘাট ফৰকাটিং অভিমূখী পথৰ লগতে গোলাঘাট কাৰাগাৰ বজাৰত, হিন্দী হাই স্কুল সমীপ আদি নগৰ খনৰ বিভিন্ন স্থানত পূজাৰ প্ৰস্তুতি প্ৰায় সম্পন্ন হয়। আজি মহা সপ্তমী পূজা । দুৰ্গা দেবীক প্ৰতিষ্ঠিত কৰা আজি দ্বিতীয় দিন । গোলাঘাট নগৰৰ পূজা কমিটি সমূহেও সম্পূৰ্ণ কভিড প্ৰটক’ল ৰক্ষা কৰি আজি মহা সপ্তমী পূজাৰ আয়োজন ইতিমধ্যে সম্পন্ন কৰিছে আৰু ভক্তপ্ৰাণ ৰাইজকো ক’ভিড বিধি মানি পূজাভাগ কৰিবলৈ অনুৰোধ জনায় ৷ পূজাৰী তথা উদ্যোক্তা সকলে জনোৱা অনুসৰি পূজাস্থলীত ভক্তৰ ভিৰ নোহোবাকৈ পূজাৰ কাম কাজ কৰাৰ বাবে প্ৰস্তত হৈছে কমিটি ৷ লগতে চেনিটাইজাৰ আৰু মাক্স আদি মজুত ৰাখিছে বুলি জানিবলৈ দিয়ে ৷