চতিয়া সমষ্টিৰ অন্তৰ্গত উত্তৰ মূঢ়াদল গাওঁ পঞ্চায়তত দূৰ্গা পুজাৰ পৱিত্ৰ দিনত দুটাকৈ আচঁনিৰ শুভ উন্মোচন , চাৰি লাখ টকাৰ ৰঙ্গমঞ্চ মুকলি জিলা পৰিষদৰ সদস্য কিশোৰ দাহালৰ

176

চতিয়া সমষ্টিৰ অন্তৰ্গত উত্তৰ মূঢ়াদল গাওঁ পঞ্চায়তত দূৰ্গা পুজাৰ পৱিত্ৰ দিনত দুটাকৈ আচঁনিৰ শুভ উন্মোচন , চাৰি লাখ টকাৰ ৰঙ্গমঞ্চ মুকলি জিলা পৰিষদৰ সদস্য কিশোৰ দাহালৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ১৩ অক্টোবৰঃ আজি মহা অষ্টমী । কভিড প্ৰটকল মানি চলি শোণিতপুৰ জিলাৰ জামুগুৰিহাট তথা চতিয়া সমষ্টিৰ অন্তৰ্গত উত্তৰ মূঢ়াদল গাওঁ পঞ্চায়তত বুধবাৰে পৱিত্ৰ দূৰ্গা পুজাৰ অষ্টমী দিনাই দুটাকৈ পঞ্চায়তৰ আচঁনি শুভ উন্মোচন কৰে পঞ্চায়তৰ কৰ্মকৰ্ত্তা সকলে ৷ উত্তৰ মূঢ়াদল গাঁও পঞ্চায়তটোৰ অন্তৰ্গত ২ নং বৰদিকৰাইস্থিত ৰায় গাওঁত এটি ৰঙ্গঁমঞ্চৰ ৰঙা ফিটা কাটি ৰাইজৰ বাৱে মুকলি কৰি দিয়ে মূঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহালে ৷ সৰ্ব্বমুঠ চাৰি লাখ টকাৰে নিৰ্মাণ কৰা এই ৰঙ্গমঞ্চটিৰ জৰিয়তে এই অঞ্চলৰ ৰাইজ সাংস্কৃতিক ভাৱে আগবঢ়াত সহায়ক হব বুলি মন্তৱ্য কৰে কিশোৰ দাহালে ৷ আনহাতে , বুধবাৰে সন্ধ্যা মঙ্গলবৰীয়াৰ খ্ৰীষ্টানবস্তীৰ দূৰ্গা মন্দিৰৰ চৌহদত চাৰি লাখ টকাৰে নিৰ্মান হব লগা এখন পকী দেৱালৰ আধাৰশিলা কৰে উত্তৰ মূঢ়াদল গাওঁ পঞ্চায়তৰ সভাপতি দিপক নেৱাৰে ৷ তাৰ পিচত দুৰ্গা মন্দিৰৰ প্ৰাঙ্গনত স্বৰ্গীয় পদ্ম বাহাদুৰ নেৱাৰ সমিতি ৰঙ্গমঞ্চৰ শুভ উদ্বোধন কৰে তেওঁৰ পৰিয়ালবৰ্গই । উত্তৰ মূঢ়াদল গাওঁ পঞ্চায়তটোত অনুষ্ঠিত হোৱা ১২ খনকৈ পূজা থলীও পৰিদৰ্শন কৰে পঞ্চায়ত প্ৰতিনিধি সকলে ৷ আচঁনিৰ শুভ উন্মোচনীৰ কাৰ্যসুচীত জনপ্ৰিয় সংগীত শিল্পী সুজিত তচা , বিজেপি দলৰ জেষ্ঠ সদস্য ধনপতি কাফলে আৰু প্ৰৱীন দাসেও অংশগ্ৰহণ কৰে ৷