নুমলীগড়ত গুৰু জয়ন্তীৰ উখল মাখল পৰিবেশ , শিক্ষাবিদ অনিল ফুকন সোঁৱৰণী স্থায়ী তোৰণ উন্মোচন

219

নুমলীগড়ত গুৰু জয়ন্তীৰ উখল মাখল পৰিবেশ , শিক্ষাবিদ অনিল ফুকন সোঁৱৰণী স্থায়ী তোৰণ উন্মোচন

দুৰ্নীতিৰ দৰ্পণ সেৱা , জানমনি দও , প্ৰতিবেদক, নুমলীগড় , ১৫ অক্টোবৰত : জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক জন্মজয়ন্তী উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে আজি নুমলীগড়তো ভকত বৈষ্ণবৰ হৰিনামৰ ধ্বনিত চৌদিশে উখল মাখল পৰিবেশ । বিভিন্ন নামঘৰৰত গুৰুজনাৰ জন্মজয়ন্তীৰ বৰ্ণাঢ্য আয়োজন । মহাপুৰুষ গৰাকীৰ আবিৰ্ভাৱ মহোৎসৱৰ সতে সঙ্গতি ৰাখি আজি নুমলীগড়ৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সনাতন প্ৰাথমিক শাখাৰ মূল নামঘৰৰ সমুখত এগৰাকী শিক্ষাবিদৰ সোঁৱৰণত নিৰ্মাণ কৰি উলিওৱা এখন সুদৃশ্য তোৰণ আনুষ্ঠানিক শুভাৰম্ভ কৰা হয় । অঞ্চলটোৰ এগৰাকী শিক্ষাবিদ তথা সমাজ সংস্কাৰক প্ৰয়াত অনিল ফুকনৰ সোঁৱৰণত তেওঁৰ পৰিয়াল বৰ্গই নিৰ্মাণ কৰি উলিওৱা মহাপুৰুষীয়া তোৰণখন আয়তীৰ উৰুলি আৰু কেইবা শতাধিক ভকত-বৈষ্ণবৰ হৰিনামৰ ধ্বনিৰ মাজেৰে শুভ উদ্বোধন কৰে শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ শাখাৰ কামিনি কুমাৰ দত্তই । অনুষ্ঠানত তোৰণ দান কৰা অনিল ফুকনৰ সহধৰ্মিনী নিৰদা ফুকনক অঞ্চলটোৰ ৰাইজৰ হৈ ৰাজহুৱা সম্বৰ্ধনা জনায় । শিক্ষাবিদ গৰাকীৰ কন্যা তথা সংস্কৃতিক কৰ্মী বৰষা ফুকন কলিতাৰ লগতে ৰূপজ্যোতি শইকীয়া গগৈ আৰু বিভিন্নজনে সাম্প্ৰতিক প্ৰেক্ষাপটত জগতগুৰুৰ আদৰ্শৰাজিৰ প্ৰাসংগিকতা সম্পৰ্কে বক্তব্য আগবঢ়ায় ।