জামুগুৰিহাটৰ জীয়া ভৰলী নদীত ৬০ জনাৰো অধিক গোঁসানীৰ বিসৰ্জন , দীৰ্ঘ বিৰতিৰ অন্তত পূজা উপভোগ কৰিলে হাজাৰ হাজাৰ ৰাইজে

256

জামুগুৰিহাটৰ জীয়া ভৰলী নদীত ৬০ জনাৰো অধিক গোঁসানীৰ বিসৰ্জন , দীৰ্ঘ বিৰতিৰ অন্তত পূজা উপভোগ কৰিলে হাজাৰ হাজাৰ ৰাইজে

দুৰ্নীতিৰ দৰ্পণ সেৱা ,জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ১৫ অক্টোবৰঃ চৰকাৰে পূজা অনুষ্ঠিত কৰিবলৈ অনুমতি দি,বান্ধি দিয়া কিছু নীতি নিয়মৰ মাজেদি শুক্ৰবাৰে সামৰণি পৰিল দুৰ্গোৎসৱৰ । যোৱা দুটা বছৰৰ অন্তত এইবাৰ পূজা অনুষ্ঠিত হোৱাত ৰাইজৰ মাজৰ কভি’ডৰ ভয় আৰু শংকাৰ মাজতো উৎসাহ উদ্দীপনাই বিৰাজ কৰা পৰিলক্ষিত হয় । জামুগুৰিহাট, কুসুমটোলা , ৰঙাচকুৱা , টুপিয়া, মৰিসুতি আদি ব্যৱসায়ীক কেন্দ্ৰস্হলত বিশেষকৈ অষ্টমী আৰু নৱমীৰ সন্ধ্যা ৰাইজৰ যথেষ্ট ভীৰ হোৱা পৰিলক্ষিত হয় । দীৰ্ঘদিন ধৰি ঘৰৰ মাজতে আবদ্ধ হৈ থকা ৰাইজে দুৰ্গোৎসৱৰ বতৰত মুক্ত আকাশৰ তলত কিছু মুকলি মনৰে এপাক ফুৰি দেৱী দূৰ্গাৰ আশীষ লোৱা পৰিলক্ষিত হয় । বৃহত্তৰ জামুগুৰিহাটত অঞ্চলত এইবাৰ সৰ্বমুঠ ২৫ খন পূজা অনুষ্ঠিত হয় যদিও কভি’ড বিধি পালন কৰিয়েই জাকজমতাৰ পৰিবৰ্তে আধ্যাত্মিক দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰিয়েই পূজা কমিটি সমুহে পূজা অনুষ্ঠিত কৰে । আজি দশমীৰ দিনা স্থানীয় প্ৰশাসনে বান্ধি দিয়া নীতি নিয়ম পালনৰ মাজেদিয়েই জামুগুৰিহাটৰ জীয়া ভৰলী নদীৰ দলংৰ তলত অঞ্চলটোৰ প্ৰতিমা সমূহৰ লগতে চাৰিদুৱাৰ অঞ্চলৰ প্ৰতিমা সমুহকে ধৰি প্ৰায় ৭০ জনা প্ৰতিমা বিসৰ্জন দিয়ে পূজা কমিটি সমুহে ।