মনোনয়ন প্ৰত্যাহাৰ তামুলপুৰৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীৰ

236

মনোনয়ন প্ৰত্যাহাৰ তামুলপুৰৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীৰ

দুৰ্নীতিৰ দৰ্পণ , প্ৰতিবেদক , তামুলপুৰ, ১৬ অক্টোবৰঃ উপ-নিৰ্বাচনৰ পূ্ৰ্বে সঘনাই পৰিৱৰ্তন হ’ব ধৰিছে তামুলপুৰ বিধানসভা সমষ্টিৰ ৰাজনৈতিক সমীকৰণ । সমষ্টিটোৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীয়ে শনিবাৰে নিৰ্বাচনৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰে । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধত নাম প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰে ইমানুৱেল মুছাহাৰীয়ে । টিকটৰ পৰা বঞ্চিত হোৱাৰ পিছত নিৰ্দলীয় হিচাপে অৱতীৰ্ণ হোৱা মুছাহাৰীয়ে শনিবাৰে মুছলপুৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে । মনোনয়ন প্ৰত্যাহাৰৰ সময়ত তেওঁৰ লগত উপস্থিত থাকে কমলপুৰ সমষ্টিৰ বিজেপি বিধায়ক দিগন্ত কলিতা আৰু তামুলপুৰ জিলা বিজেপিৰ দলীয় নেতা-কৰ্মী ৷ মনোনয়ন প্ৰত্যাহাৰৰ বাবে ইমানুৱেল মুছাহাৰীক বিজেপিৰ ফালৰ পৰা কোনো ধৰণৰ হেঁচা প্ৰয়োগ কৰা হোৱা নাই বুলি স্পষ্ট কৰি দিছে বিধায়ক দিগন্ত কলিতাই । উল্লেখ্য যে , মিত্ৰতা সূত্ৰে তামুলপুৰ সমষ্টিটো বিজেপিয়ে ইউ পি পি এলক এৰি দিয়া কাৰ্যত ক্ষুন্ন হৈয়ে ইমানুৱেল মুছাহাৰীয়ে নিৰ্দলীয় হিচাপে মনোনয়ন দাখিল কৰিছিল । ইফালে, সমষ্টিটোৰ আন দুগৰাকী নিৰ্দলীয় প্ৰাৰ্থী চণ্ডী বসুমতাৰী আৰু দেবেন বড়োৱেও প্ৰত্যাহাৰ কৰে মনোনয়ন পত্ৰ ৷ তিনিগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহৰ কৰাৰ পিছত এতিয়া সমষ্টিটোত পাঁচগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ।