ডিব্ৰুগড়ত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ কেইবাটাও গুৰুত্ব পূৰ্ণ বিষয়ক লৈ সংবাদমেল

474

ডিব্ৰুগড়ত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ কেইবাটাও গুৰুত্ব পূৰ্ণ বিষয়ক লৈ সংবাদমেল

দুৰ্নীতিৰ দৰ্পণ সেৱা , ডিব্ৰুগড় , ১৬ অক্টোবৰ : ডিব্ৰুগড়ত কেন্দ্ৰীয় জাহাজ, বন্দৰ, জলপৰিবহন আৰু আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সংবাদমেল। চহৰখনৰ জাগৃতি হলত অনুষ্ঠিত সংবাদমেলত কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি প্ৰধানমন্ত্ৰী গতি শক্তিৰ সন্দৰ্ভত বক্তব্য সোনোৱালৰ। ১৩ অক্টো়বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ উন্নয়নৰ গতি বৃদ্ধি কৰাৰ বাবে গতি শক্তি আঁচনি উদ্বোধন কৰিছিল। প্ৰধানমন্ত্ৰী গতি শক্তি আঁচনিৰ যোগেদি দেশৰ গতি বৃদ্ধি কৰিব বুলি মন্তব্য। কেন্দ্ৰীয় চৰকাৰৰ ১৬ টা মন্ত্ৰালয় এক কৰি কাম কৰাৰ কথা প্ৰকৃত। বিশ্বৰ বুকুত ভাৰতে উন্নয়নৰ গতি ত্বৰাম্বিত কৰিব বুলি দাবী। আন্তঃগাঁথনি, যাতায়াত যোগাযোগ, নিযুক্তিৰ নতুন বাট মুকলি কৰিব বুলিও মন্তব্য। ৰাজ্যসমূহে এই আঁচনিত জড়িত হ’ব। পূৰ্বে বিভাগৰ সন্বয়নহীনতাৰ বাবে দেশৰ প্ৰগতিত বাধা আহিছিল। এতিয়া ১৬ টা বিভাগে সমন্বিত ৰূপত কাম কৰিব। ১৩০ কো়টি জনতাৰ বাবে প্ৰধানমন্ত্ৰীয়ে এই আঁচনি লৈছে। কংগ্ৰেছৰ দিনত এনেধৰনৰ ঐক্যবদ্ধ আৰু শৃংখলাবদ্ধ আঁচনি গ্ৰহণ কৰা নাছিল বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য সোনোৱালৰ। বিভাগসমূহৰ মাজত সমন্বয় নথকাৰ বাবে চৰকাৰৰ অৰ্থৰ অপব্যয় হোৱাৰ লগতে সময়ৰ নষ্ট হৈছিল বুলি প্ৰকাশ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিগত ৭ বছৰৰ ভিতৰত দেশত যথেষ্ট পৰিৱৰ্তন আহিছে। ডিজিটেল যোগাযোগ ব্যৱস্থাৰ জৰিয়তে সমাজৰ শেষৰজন ব্যক্তিকো সামৰি লোৱা হৈছে। ১ লাখ কোটি টকা ধাৰ্য কৰা হৈছে এই প্ৰকল্পত। ২০৪০ চনলৈ দেশৰ ১৯ মেগা ফুড পাৰ্ক নিৰ্মাণৰ পৰিকল্পনা। ১৬ হাজাৰ গেছ পাইপলাইন আৰু ৯ হাজাৰ ৰে’লৱে সম্প্ৰসাৰণ কৰা হৈছে। ১৯৮৭ চনত প্ৰথম ৰাষ্ট্ৰীয় গেছ পাইপলাইন আৰম্ভ কৰা হৈছিল। গতি শক্তিৰ প্ৰকল্পৰ জৰিয়তে জাহাজৰ লোডিং আৰু আনলোডিঙৰ সময় হ্ৰাস পাব। পূৰ্বৰ কংগ্ৰেছ চৰকাৰে এনেধৰণে দেশৰ মন্ত্ৰালয়সমূহক ঐক্যবদ্ধ কৰাৰ নজিৰ নাছিল। আন্তগাথনি সৱলীকৰণত গুৰুত্ব দিয়া নাছিল। আনহাতে এতিয়াৰে পৰা প্ৰকল্প নিৰ্মাণৰ সময়ত ৰাজ্য চৰকাৰৰ বিভাগসমূহে বিসংগতি কৰিব নোৱাৰিব। পৰ্টেলত উপলব্ধ হ’ব সকলো তথ্য বুলি উল্লেখ কৰে ।