জামুগুৰিহাটৰ উদিয়মান শিল্পী তথা কবি অৰূপ শইকীয়াই জামুগুৰিহাটক লৈ “নামঘৰ নগৰী জামুগুৰিহাট ” নামেৰে এটা নাট্য কবিতা মুকলি

363

জামুগুৰিহাটৰ উদিয়মান শিল্পী তথা কবি অৰূপ শইকীয়াই জামুগুৰিহাটক লৈ “নামঘৰ নগৰী জামুগুৰিহাট ” নামেৰে এটা নাট্য কবিতা মুকলি

দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন ,২০ অক্টোবৰঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ সঙ্গীয়াচুকৰ উদিয়মান শিল্পী তথা কবি অৰূপ শইকীয়াই জামুগুৰিহাটৰ ওপৰত ” নামঘৰ নগৰী জামুগুৰিহাট ” নামেৰে এটা নাট্য কবিতা সমুহ অসমবাসী ৰাইজলৈ লক্ষ্মী পুজাৰ দিনটোতে আগবঢ়ায় । ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ ভৌগোলিক, সাংস্কৃতিক, ৰাজনৈতিক পৰিঘটনাক কবিতাৰ বিষয়বস্তু হিচাপে লৈ জামুগুৰিৰ ইতিহাসৰ এটি আভাস দিয়াৰ প্ৰচেষ্টা কবি অৰূপ শইকীয়াৰ । ইমান চমুকৈ কম সময়ৰ ভিতৰত সকলো বিষয় বস্তু সামৰি লোৱা সম্ভৱ নহয় যদিও জামুগুৰিহাট বাসীৰ ওপৰত প্ৰভাৱ পেলোৱা বিশেষ বিশেষ ঘটনা ৰাশিক ইয়াত দেখুওৱা হৈছে । কবি অৰূপ শইকীয়াই এই কবিতাটো জামুগুৰিৰ নতুন প্ৰজন্মৰ কাৰণে অতি প্ৰয়োজনীয় বুলি অভিহিত কৰিছে । ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী সকলে তেওঁলোকৰ জন্ম ঠাইৰ চহকী বুৰঞ্জীৰ বিষয়ে জানিব পাৰিব আৰু জামুগুৰিৰ সুসন্তান বুলি গৌৰৱ কৰিব । সাহিত্য চৰ্চাৰ উপৰিও কবি অৰূপ শইকীয়া এজন আন্তৰাষ্ট্ৰীয় শিল্পী । তেখেতৰ নিৰ্দেশনা আৰু পৰিকল্পনাৰে ৰাচিয়া , ফিনলেণ্ড, ডুবাই আদিকৰি বিভিন্ন দেশত ইংৰাজী ভাষাত গুৰু জনাৰ ভাওনা অনুষ্ঠিত কৰিছে। কবি অৰূপ শইকীয়াৰ লগতে আমিও আশা কৰো সকলো অসমবাসী তথা জামুগুৰিয়া ৰাইজে নাট্য কবিতাটো আন্তৰিকতাৰে আদৰি ল’ব ।