মৰিগাঁৱত জিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ , অভাৱনীয় মূল্যবৃদ্ধি , নিৰ্বাচনী প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হোৱা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ মৰিগাঁও জিলা কংগ্ৰেছ কমিটিৰ

240

মৰিগাঁৱত জিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ , অভাৱনীয় মূল্যবৃদ্ধি , নিৰ্বাচনী প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হোৱা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ মৰিগাঁও জিলা কংগ্ৰেছ কমিটিৰ

 

ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ২১ অক্টোবৰ : ৰাজ্যত অভাৱনীয় হাৰত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীকে ধৰি পেট্ৰ’ল ডিজেল মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি মৰিগাঁও জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত দুঘণ্টীয়া প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। মৰিগাঁও চহৰৰ বিহুতলিত আজি পুৱাৰ ভাগত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্দেশ মৰ্মে জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত ৰূপায়ন হোৱা প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচীত প্ৰতিবাদী নেতা কৰ্মী সকলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰি পৰিৱেশ উত্তাল কৰি তোলে। মৰিগাঁও জিলা কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ তথা সাধাৰণ সম্পাদক শশী মোহন বিশ্বাসে আঁত ধৰা প্ৰতিবাদী কাৰ্যসূচীত চৰকাৰে নিৰ্বাচনত দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি সমূহ পালন কৰাত ব্যৰ্থ হোৱাৰ লগতে অভাৱনীয় মূল্যবৃদ্ধিয়ে জনসাধাৰণক কোঙা কৰাত আজি চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মৰিগাঁও জিলা কংগ্ৰেছ কমিটিয়ে। এই কাৰ্যসূচীত জিলা কংগ্ৰেছৰ সভাপতি বীৰ কুমাৰ কোঁৱৰে অংশ গ্ৰহণ কৰি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ কাৰ্যকালত দূতগতিত অত্যাৱশ্যকীয় মূল্যবৃদ্ধিৰ লগতে সকলো দিশতেই জনসাধাৰণক মাধমাৰ দি আহিছে বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰকো তীব্ৰ সমালোচনা কৰে।এই প্ৰতিবাদী কাৰ্যসূচীত মৰিগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱা,অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ইমদাদ হুছেইন, জিলা কংগ্ৰেছৰ সম্পাদক মইদুল ইছলাম খান, সীমান্ত হাজৰিকা, মৰিগাঁও পৌৰসভাৰ প্ৰাক্তন উপ পৌৰপতি মহিবুৰ ৰহমানৰ উপৰিও অসম জনজাতি কোষৰ ৰাজ্যিক সভাপতি ৰমেশ বৰদলৈয়ে চৰকাৰক কঠোৰ সমালোচনা কৰি ভাষণ আগবঢ়োৱাৰ লগতে কংগ্ৰেছৰ বহু নেতা কৰ্মীয়ে অংশ গ্ৰহণ কৰে।এই কাৰ্যসূচীত কপিলী আৰু ভূৰবন্ধা ব্লক কংগ্ৰেছৰ নেতা কৰ্মী সকলেও যোগদান কৰে।