দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয় আছু গোটৰ বাৰ্ষিক প্ৰতিনিধি সভা; নতুন সমিতি গঠন

157

দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয় আছু গোটৰ বাৰ্ষিক প্ৰতিনিধি সভা; নতুন সমিতি গঠন

দুৰ্নীতিৰ দৰ্পণ সেৱা; দেৰগাঁও, ২১ অক্টোবৰঃ দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয় আছু গোটৰ বাৰ্ষিক সাধাৰণ সভাখন আজি অনুষ্ঠিত হৈ যায়। গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ চিৰঞ্জীৱ বৰাই সভাপতিত্ব কৰা আৰু শুভ্ৰজ্যোতি বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক দীপ বৰঠাকুৰ উপস্থিত থাকি মহাবিদ্যালয়ৰ ছাত্ৰ সমাজৰ উন্নতিৰ স্বাৰ্থত উন্নয়নমূলক কাম কাজৰ বিষয়ে আলোচনা কৰাৰ লগতে আছুৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী সকলৰ ভুমিকা আৰু ছাত্ৰ ছাত্ৰীৰ বিভিন্ন সমস্যাৰ ওপৰত বিশদ বিৱৰণ আগবঢ়ায়। সভাত দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ছগীৰ আহমেদ, সম্পাদক দুষ্মন্ত মাধৱ দত্ত,সহকাৰী সম্পাদকত্ৰয় ৰক্তিম দত্ত, তপন বৰুৱা, প্ৰাঞ্জল দাস, শিক্ষা সম্পাদক প্ৰাণজিত বৰা আৰু মহাবিদ্যালয় আছু গোটৰ উপদেষ্টাত্ৰয় সৌৰভ জ্যোতি বৰা, ৰাহুল কৌশিক আৰু উদয়ন ভূঞা উপস্থিত থাকে। এই সভাতে নয়নজ্যোতি শইকীয়াক সভাপতি, সমুজ্জল ভূঞাক সম্পাদক আৰু সৌৰভ জ্যোতি বৰা,শান্তনু বৰা, ৰাহুল কৌশিক, উদয়ন ভূঞা, অনুপম ভট্ট, বিশ্বজিত দত্তক আঞ্চলিক প্ৰতিনিধি হিচাপে লৈ শতাধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত মহাবিদ্যালয় আছু গোটৰ এখন শক্তিশালী সমিতি গঠন কৰা হয়।