বৰাকক পৃথক ৰাজ্য দিবলৈ দাবী বিশিষ্ট সাহিত্যিক ড° নগেন শইকীয়া

172

বৰাকক পৃথক ৰাজ্য দিবলৈ দাবী বিশিষ্ট সাহিত্যিক ড° নগেন শইকীয়া

দুৰ্নীতিৰ দৰ্পণ সেৱা , ডিব্ৰুগড় , ২৩ অক্টোবৰ : বৰাকক পৃথক ৰাজ্য হিচাপে স্বীকৃতি দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে ৰাজ্য এগৰাকী প্ৰসিদ্ধ বুদ্ধিজীৱি,সাহিত্যিক লগতে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড0নগেন শইকীয়াই । ভাষাকেন্দ্ৰিক সংঘাটক লৈ বৰাকৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কত উদ্বিগ্ন প্ৰকাশ কৰি বিশিষ্ট সাহিত্যিক গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে , ৰাজ্য এক কূটিল চক্ৰই দীৰ্ঘদিনৰ পৰা অসমীয়া আৰু বাঙালী মাজত সংঘাতৰ পৰিৱেশ সৃষ্টি কৰি আহিছে । ১৯৮৫ চনৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা বঙালী আৰু অসমীয়া মাজত এতিয়ালৈকে কোনোধৰনৰ সংঘাট সৃষ্টি হোৱা নাছিল , কিন্তু এতিয়া বৰাকত অসমীয়া ভাষাক লৈ সময়ে সময়ে এক অশান্তি পৰিৱেশ সৃষ্টি কৰি আহিছে দুষ্ট চক্ৰই । যিটো গ্ৰহনযোগ্য নহয় । বা আমি মানি লব নোৱাৰোঁ । অসমীয়া ভাষাত বহু বাঙালী সাহিত্যিক আছে , যিসকলে অসমীয়া ভাষা সাহিত্যতেই বহু যুগমীয়া গীত-মাত ৰচনা কৰি অসমীয়া ভাষা-সাহিত্য চহকীৰ কৰি তুলিছে । কেৱল এইয়াই নহয় পুলক বেনাৰ্জী দৰে স্বনামধন্য শিল্পী অসম মূলুকতে অনেক বহু উদাহৰণ আছে । বিশিষ্ট সাহিত্যিক গৰাকীয়ে বৰাকৰ ভাষাকেন্দ্ৰিক ঘটনাক লৈ চৰকাৰৰ একাংশ বিষয়াৰ আমোলাও জৰিয়তৰ আছে বুলি অভিযোগ তোলে । ১৯৬৪ চনত মই বৰাকৰ বিভিন্ন ঠাইলৈ গৈছিলোঁ । সেই সময়ত বাঙালী মহিলাই তাঁত শাল বৈছিল । কিন্তু, আজি সেই পৰিৱেশ আছেনে নাই মই নাজানোঁ । কিন্তু, এতিয়াও বৰাকত অসমীয়া ভাষা-সংস্কৃতিক ভালপোৱা মানুহ আছে বুলি উল্লেখ কৰে সাহিত্যিক গৰাকীয়ে । গতিকে, শেহতীয়া বৰাকৰ পৰিৱেশক লৈ সাহিত্যিক গৰাকী সন্তোষ্ট নহয় বুলি উল্লেখ কৰি যদি প্ৰয়োজন সাপেক্ষে বৰাকক এখন পৃথক ৰাজ্য হিচাপে গঢ় দিবলৈ চৰকাৰে প্ৰদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি দাবী জনাই বিশিষ্ট সাহিত্যিক গৰাকীয়ে ।