বিগত পাচ মাহত অসমৰ ভিতৰত তামুলপুৰতে সৰ্বাধিক উন্নয়নৰ কাম হৈছে : ড:হিমন্ত বিশ্ব শৰ্মা

253

তামুলপুৰৰ আঙাৰকাটা লক্ষীনাৰায়ন ৰথখলা ক্ষেত্ৰত ৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিৰ মিত্ৰজোটৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ বিশাল নিৰ্বাচনী সভা , বিগত পাচ মাহত অসমৰ ভিতৰত তামুলপুৰতে সৰ্বাধিক উন্নয়নৰ কাম হৈছে : ড:হিমন্ত বিশ্ব শৰ্মা

দুৰ্নীতিৰ দৰ্পণ , প্ৰতিবেদক , তামুলপুৰ , ২৩ অক্টোবৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা আঙাৰকাটা লক্ষীনাৰায়ন ৰথখলা ক্ষেত্ৰত আজি আবেলি ৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিৰ বিজেপি,এজিপি,ইউপিপিএল দলৰ মিত্ৰজোটৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ এখন বিশাল নিৰ্বাচনী সভা অনুষ্টিত হয়। বিজেপি নেতা ৰাজেশ বড়োই আত ধৰা নিৰ্বাচনী সভাখনত অংশ গ্ৰহণ কৰি অসমৰ মুখ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই বক্তব্য প্ৰদান কৰি কয়-পাচমাহ আগতে তামুলপুৰ বিধান সভা সমষ্টিত লেহোৰাম বড়োক ইয়াৰ ৰাইজে ভোট দি জয় যুক্ত কৰিছিল।সমষ্টিটোৰ বিধায়ক গৰাকীৰ অকাল মৃত্যুত এই সমষ্টিত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিব লগা হৈছে যদিও কেৱল লাইচেঞ্চখন ৰেনু কৰি দিব লাগে। গৰু থাকিলে নহব,গাখীৰ ওলাব লাগিব বুলি ব্যক্ত কৰি মুখ্য মন্ত্ৰীগৰাকীয়ে কয়-কংগ্ৰেছৰ গৰুৰ পৰা গাখীৰ নোলায়। বিজেপিৰ গৰুৰ পৰাহে গাখীৰ ওলাব। দিল্লীত মোডী,কোকৰাঝাৰত ট্ৰেক্টৰ আছে , ৰাজ্যত বিজেপিৰ চৰকাৰ আছে। গতিকে , মিত্ৰজোটোৰ প্ৰাৰ্থীক ভোট দিলেহে উন্নয়নৰ গতি ত্বৰান্বিত হব । কংগ্ৰেছ চৰকাৰৰ শাসন কালত বিশ বছৰ শান্তিত থাকিব পৰা নাছিল বিটিআৰবাসী। কিন্তু নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰ আসনত অহাৰ পিচৰে পৰা বিটিআৰ অঞ্চলত শান্তি প্ৰতিষ্ঠা হ’ল। এই শান্তি বিটিআৰবাসীয়ে ধৰি ৰাখিব পাৰিব লাগিব । এখন ঘৰত বোৱাৰী অনাৰ নিচিনাকৈ বিটিআৰত স্থায়ী শান্তি আনিব লাগিব । ৰাস্তা নাই কাক কম,এছ চিৰ চাৰটিফিকেট নাই কাক কম –এনে ধৰণৰ সমস্যাবোৰ বিজেপি চৰকাৰ গঠন হোৱাৰ পিচত আতৰ হ’ল । এতিয়া সকলো দুখীয়া পৰিয়ালে পইচা নিদিয়াকৈ এছ চিৰ প্ৰমাণ পত্ৰ লাভ কৰিব। ছয়শ কোটি টকা ব্যয়ৰে পাগলাদিয়াত দলং নিৰ্মাণ হবলৈ গৈ আছে । এতিয়া আৰু কোনো সমস্যা নাথাকিব । নিৰ্বাচনৰ পিচত সকলো মাটিৰ কাম কৰি দিয়া হব । ডিটেনচনত কেম্পত এতিয়া কোনো হিন্দু-বাঙালী লোক নাই বুলি উল্লেখ কৰি কয়- এইবিলাক হাৱা চলি আছে।আমাৰ দেশত ন্যায় আছে আৰু সেই মতে নাগৰিকে ন্যায় লাভ কৰিব । আঙাৰকাটাত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় অহা এপ্ৰিল মাহৰ ভিতৰত স্থাপন কৰি অঞ্চলটিৰ শৈক্ষিক ক্ষেত্ৰৰ উন্নয়ন সাধন কৰা হব । এক লাখ নিবনুৱাক এক টকাও নিদিয়াকৈ চাকৰি দিয়া হব বুলি উল্লেখ কৰি কয়-অহা , নৱেম্বৰৰ পৰা মাইক্ৰফাইনেঞ্চৰ ঋন ৰেহাই দিয়া হব আৰু তেতিয়া বিশ লাখ মহিলা উপকৃত হব। তামুলপুৰত আৰু দহ হাজাৰ হিতাধিকাৰীক আৰুনোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হব । আগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে ৮-৩০ টকা লাভ কৰিছিল আৰু এতিয় ১০০০ হাজাৰ টকা লাভ কৰিব । ৰেচন কাৰ্ডৰ চাউল প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাচ কিলোকৈ পাবই লাগিব । এশ গ্ৰাম কম পালেও যিসকলে কাটি ৰাখে , সেইসকলে মাটিৰ দালালৰ দৰে জেইলত সোমাব লাগিব । বিজেপি এজিপি আৰু ইউপিপিএল মিত্ৰজোট শক্তিশালী ৰূপত অৱতীৰ্ন হৈছে । আমি আপোনালোকক যিমান পাৰো সহায় কৰা হব । বিজেপি চৰকাৰ দিল্লীতো,কোকৰাঝাৰতো আৰু ৰাজ্যতো। গতিকে , উন্নয়নৰ গতি ৰুদ্ধ নহয় । সভাত অংশ গ্ৰহণ কৰি ৰাটাবাৰী বিধান সভা সমষ্টিৰ বিধায়ক বিজয় মালাকৰে বক্তব্য প্ৰদান কৰি কয়-ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ দ্বিতীয় বাৰৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠন হ’ল । এনআৰচিত নাম নথকাৰ কাৰণে যিসকলে আধাৰকাৰ্ড বনাব পৰা নাই ,আন আন সুবিধাৰ পৰা বঞ্চিত হৈ আহিবলগীয়া হৈছে, যিসকল লোকক নাগৰিকত্ব দিয়া হোৱা নাই,বাঙালী সকলৰ কথা চিন্তা কৰা নাছিল। এতিয়া বিজেপি চৰকাৰে বাঙালীসকলৰ সকলো সমস্যা সমাধান কৰিবলৈ গৈ আছে । বিজেপিয়ে যি কয় , তাকে কৰে । মাটিৰ পট্টাও প্ৰদান কৰিব বিজেপি চৰকাৰখনে । সভাত উদৰবন্দ সমষ্টিৰ বিধায়ক বিজয়ক্ৰান্তি সোমে বক্তব্য প্ৰদান কৰি কয়-স্বাধীনতাৰ কালৰ পৰা বাঙালী সকলে মাটিৰ পট্টা পোৱা নাছিল,বিজেপি চৰকাৰে বাঙালীসকলক মাটিৰ পট্টা দিবলৈ গৈ আছে । ডি ভোটাৰ বাঙালীসকলৰ জলন্ত সমস্যা,বিজেপিৰ শাসনকালত এই সমস্যা আৰু নাথাকিব । ভুমিৰ পট্টা লাভৰ আইন পাচ হৈছে । সভাত ইঊপিপিএলৰ নিৰ্বাচনী পৰ্যবেক্ষক জয়ন্ত বসুমতাৰীয়ে কয়-অসমৰ পাচটা সমষ্টিত বিধান সভাৰ উপ-নিৰ্বাচন অনুষ্ঠিত হব । বিগত নিৰ্বাচনত তামুলপুৰ আৰু গোসাইগাও সমষ্টিত ইউপিপিএল দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছিল। উপ-নিৰ্বাচনৰ পাচটা সমষ্টিতে বিজেপি,এজিপি আৰু ইউপিপিএল দলৰ মিত্ৰজোটৰ প্ৰাৰ্থীয়ে জয় লাভ কৰিব । ৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিত মিত্ৰজোটৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ প্ৰতিদণ্ডী নাই। ট্ৰেক্টৰৰ ছবিত ভোট দিয়া মানে বিজেপিক ভোট দিয়া,ট্ৰেক্টৰৰ ছবিত ভোট দিয়া মানে এজিপিক ভোট দিয়া। সভাত অসম চৰকাৰৰ মন্ত্ৰী উৰ্খা গৌৰা ব্ৰহ্মই কয়-এই সভাখন নিৰ্বাচনী সভা নহয়,লেহোৰাম বড়োৰ শ্ৰদ্ধাঞ্জলী সভা। তামুলপুৰবাসী ৰাইজে আন্দোলন নকৰাকৈ জিলা,মেডিকেল পালে, পাগলাদিয়া নদীৰ ওপৰত দুখনকৈ পকী দলং নিৰ্মাণ কৰা হব। সকলোৱে সম অধিকাৰ লাভ কৰিব । সভাত পেট্ৰ’লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয়-বিজেপি,এজিপি আৰু ইউপিপিএল দলৰ মিত্ৰজোটৰ প্ৰাৰ্থীগৰাকীৰ বাহিৰে আন প্ৰাৰ্থীৰ চিহ্নত যাতে এটাও ভোট নপৰে । যিবিলাক দৰিদ্ৰ পৰিয়ালে গেছ পোৱা নাই ,সেইসকলক গেছৰ যোগান ধৰা হব। শ্বহীদ গৌৰাঙ্গ মণ্ডলৰ স্মৃতিত সৌধ বনাব পাৰি নেকি , সেই কথাও চিন্তা কৰা হৈছে। সভাত বিজেপিৰ ৰাজ্যিক উপ-সভাপতি কৰ্নৰাজ পুৰাকায়স্থ, বিটিচিৰ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ন দাস,বিটিচিৰ এমচিএলএ পবিত্ৰ বড়ো, বাক্সা জিলা বিজেলপিৰ সভাপতি ভিক্টৰ দাস, প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰী, জয়ন্ত ব্সুমতাৰী, বাক্সা জিলা প্ৰভাৰী অশোক শৰ্মা,বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী , বিজেপিৰ প্ৰাক্তন সভাপতি তথা মন্ত্ৰী , ৰঞ্জিত দাস, বিটিচিৰ এমচিএলএ বিজিত গৌৰা নাৰ্জাৰীকে আদি কৰি বিটিচিৰ এমচিএল এ , বিজেপিৰ বাক্সা জিলা আৰু তামুলপুৰ জিলাৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে ।