নিশা বন বিভাগৰ অভিযানত দুজন চোৰাং চিকাৰীক আটক

160

নিশা বন বিভাগৰ অভিযানত দুজন চোৰাং চিকাৰীক আটক

দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰমোদ ভূঞা , বৰডুমচা , ২৪ অক্টোবৰঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত কালি নিশা দুজন চিকাৰী আটক । ডিগবৈ বন সংমণ্ডলৰ ফৰেষ্টাৰ মন্টু চেতিয়াৰ নেতৃত্বত চলিছিল উক্ত অভিযান । আটকাধীন চিকাৰীদ্বয়ৰ পৰা জব্দ কৰা হৈছে এটা হস্তনিৰ্মিত বন্দুক । দুয়োটা চিকাৰীয়ে পহু চিকাৰ কৰিবলৈ সোমোৱাৰ সন্দেহ বন বিভাগৰ । আটকাধীন চিকাৰী দুটা ক্ৰমে নব গগৈ (48) এক নং ভিতপাৱৈ গাঁওৰ আৰু হেমন থাপা (54) তিনি নং বৰহোলোঙ গাঁওৰ বুলি বন বিভাগৰ সুত্ৰে প্ৰকাশ।বৰ্তমান সোধপোছ অব্যাহত আছে ।