বিশেষভাৱে সক্ষম ২৫ গৰাকী হিতাধিকাৰীলৈ বিধায়ক ছিৰাজুদ্দিন আজমলৰ হুইলচেয়াৰ বিতৰণ

159

বিশেষভাৱে সক্ষম ২৫ গৰাকী হিতাধিকাৰীলৈ বিধায়ক ছিৰাজুদ্দিন আজমলৰ হুইলচেয়াৰ বিতৰণ

জমিৰউদ্দিন তালুকদাৰ, ডবকা , ২৪ অক্টোবৰঃ আজি যমুনামুখ সমষ্টিৰ ভেলৌগুৰিস্থিত আজমল মডেল ভিলেজত অনুষ্ঠিত এখন সভাত বিশেষভাৱে সক্ষম ২৫ গৰাকী হিতাধিকাৰীৰ মাজত বিধায়ক ছিৰাজুদ্দিন আজমলে হুইলচেয়াৰ বিতৰণ কৰে ৷ এই উপলক্ষে অনুষ্ঠিত এখন অনুষ্ঠুপীয়া সভাত বিধায়ক আজমলে অংশ লৈ দৰিদ্ৰ হিতাধিকাৰী কেইগৰাকীৰ মাজত হুইলচেয়াৰ বিতৰণ কৰে ৷ হোজাইৰ প্ৰতিষ্ঠিত সমাজসেৱী সংস্থা আজমল ফাউণ্ডেছনৰ উদ্যোগত এই সাহায্য বিতৰণ কৰা হয় ৷ আজমল ফাউণ্ডেছনে আজি হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ ২৫ গৰাকী বিশেষভাৱে সক্ষম ব্যক্তিক চিনাক্ত কৰি এইসকলৰ মাজত হুইলচেয়াৰ বিতৰণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰে ৷ সেই উপলক্ষে আজমল মডেল ভিলেজ, ভেলৌগুৰীত আয়োজিত এখন সভাৰ জৰিয়তে বিধায়ক চিৰাজুদ্দিন আজমলৰ হাতেৰে হিতাধিকাৰীৰ মাজত হুইলচেয়াৰ কেইখন বিতৰণ কৰা হয় ৷ এই অনুষ্ঠানত ছিৰাজুদ্দিন আজমলৰ লগতে আজমল ফাউণ্ডেছনৰ সঞ্চালক ডঃ খছৰুল ইছলাম, মহা প্ৰৱন্ধক ডঃ এম আৰ এইচ আজাদ, বিধায়ক আজমলৰ মনোনীত প্ৰতিনিধি তথা বিশিষ্ট সমাজসেৱক আনোৱাৰ হুছেইন, সচিব নুৰুল হুছেইন, মোহাম্মদ আলী সহ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ সভাত বিধায়ক আজমলে সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত ডবকা বনাঞ্চলৰ ৭০০০ জোপা মূল্যবান গছ কটাৰ বিৰোধ কৰিবলৈ সমষ্টিৰ ৰাইজলৈ আহ্বান জনায় ৷ ফৰলেন নিৰ্মাণৰ নামত বৃহৎ সংখ্যক গছ কটা হলে প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হৈ যাব বুলি আজমলে কয় ৷