পেঙেৰী নলনিত স্মৃতি চাৰণ সভা সমাপ্ত

200

পেঙেৰী নলনিত স্মৃতি চাৰণ সভা সমাপ্ত

দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰমোদ ভূঞা , বৰডুমচা , ২৪ অক্টোবৰঃ তিনিচুকীয়া জিলা পেঙেৰী থানাৰ অন্তৰ্গত নলনিত আজিস্মৃতি চাৰণ সভা অনুষ্ঠিত হয় । অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ পেঙেৰী-বৰডুমচা আঞ্চলিক সমিতিৰ অন্তৰ্গত ডিব্ৰু-দুৱাৰমৰা শাখা সমিতিৰ সাধাৰণ সম্পাদক অমৰজিৎ মৰাণৰ ফিল’বাৰীৰ সমীপৰ কাকজানত ৫ মে তাৰিখে সংঘটিত হোৱা এক শোঁ‌কাবহ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু সাবটি লৈছিল । প্ৰয়াত অমৰজ্যোতি মৰাণে কৰদৈগুৰীৰ জকাইচুক গাঁৱত অনুষ্ঠিত হোৱা মৰাণ জনগোষ্ঠীৰ ৰাতি বিহু চাই ঘৰলৈ ওভতি অহাৰ পথত ডুমডুমা-বাইপাছৰ সমীপত এক শোঁ‌কাবহ পথ দুৰ্ঘটনাত পতিত হৈ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত অকাল মৃত্যুক সাৱটি লৈছিল । আজি প্ৰয়াত ছাত্ৰ নেতা গৰাকীৰ বাসগৃহত অনুষ্ঠিত হোৱা আদ্যশ্ৰাদ্ধৰ লগত সংঘটিত ৰাখি অনুষ্ঠিত হোৱা স্মৃতি চাৰণ সভাত সভাপতি কৰে নলনি নামঘৰৰ বৰবুঢ়া ভাদেশ্বৰ মৰাণে আৰু আত ধৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পেঙেৰী-বৰডুমচা আঞ্চলিক সমিতিৰ সম্পাদক কুমুদ মৰাণে।আজিৰ স্মৃতি চাৰণ সভাত উপস্থিত থাকি বক্তৱ্য আগবঢ়াই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যুটীয়া সম্পাদক সুৰজিৎ মৰাণ , জিলা সম্পাদক কাঞ্চন বৰা , পেঙেৰী-বৰডুমচা আঞ্চলিক সমিতিৰ সভাপতি ৰোহিত গোঁ‌হাই , মৰাণ ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক বদন মৰাণ , গোৰ্খা ছাত্ৰ নেতা ঘনশ্যাম ছেত্ৰীয়ে । প্ৰয়াত ছাত্ৰ নেতাৰ অমৰজিৎ মৰাণৰ স্মৃতি চাৰণ সভাত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ ভাৰ-প্ৰাপ্ত সভাপতি যদু মৰাণ , উপ-সভাপতি সোনমনী চলিহা , যুটিয়া সম্পাদক দেৱজিৎ সোনাৰ , ক্ৰীড়া সম্পাদক ৰঞ্জন মৰাণ , জিলা সদস্যদ্বয় জিতেন মৰাণ , বাবুল অহমেদ , ডিগবৈ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক মথুৰা দাস , মাৰ্ঘেৰিটা সমিতিৰ সভাপতি ৰাহুল মালাকাৰ , মৰাণ ছাত্ৰ নেতা প্ৰাঞ্জল দহোটিয়া লগতে অন্যান্য দল সংগঠনৰ কেইবাগৰাকি বিষয়ববীয়া উপস্থিত থাকে ।স্মৃতি চাৰণ সভাতেই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যুটীয়া সম্পাদক সুৰজিৎ মৰাণে নলনি দুৱাৰমৰা অঞ্চলৰ বোকাময় বাট পথসমুহ পকীকৰণ কৰিবলৈ চৰকাৰক দাবী জনাইছে।