১৪ সংখ্যক “আকু, নেবকাচ” শ্ৰেষ্ঠ অভিনেত্ৰী বটাঁৰে উজলিল দিপ্তী প্ৰিয়ম

146

১৪ সংখ্যক “আকু, নেবকাচ” শ্ৰেষ্ঠ অভিনেত্ৰী বটাঁৰে উজলিল দিপ্তী প্ৰিয়ম

কুলদ্বীপ বৰ্মন
যোৱা ২০২০-২১ বৰ্ষটোত সম্পন্ন হৈ যোৱা প্ৰায় ৪৫ খন চুটি ছবিৰ ভিতৰত শ্ৰেষ্ঠ ছবি হিচাপে আকুৰ ১৪ সংখ্যক বটাঁ লাভ কৰিছিল পাপলু পাপুলৰ “অসীমত হেৰাল সীমা” ছবিখনে । উক্ত ছবিখনত স্বকীয় অভিনয়েৰে উজলিল বহু প্ৰতিভা সম্পন্ন অভিনেত্ৰী দিপ্তী প্ৰিয়ম । সচাঁকৈয়ে দিপ্তী প্ৰিয়মৰ দুৰ্দান্ত অভিনয় ছবিখনৰ সাফল্যৰ অন্য এটা কাৰক । এটা অগতানু গতিক কাহিনীত দিপ্তীৰ এটা অগতানুগতিক চৰিত্ৰ সুন্দৰ ভাৱে আগবঢ়াই নিয়া দেখা গৈছে । স্কুলীয়া জীৱনৰ পৰাই নাটক,ৰাস কৰি ভালপোৱা দিপ্তী যোৱা ১০ বছৰে সৰু পৰ্দাৰ এগৰাকী নিয়মীয়া অভিনেত্ৰী হিচাপে অসমৰ ৰাইজৰ এটা চিনাকী নাম হৈ পৰিছে । বৰ্তমান কেইবাখনো নতুন ব্যয় বহুল ৱেব চিৰিজ আৰু ধাৰাবাহিকত ব্যস্ত অভিনেত্ৰী গৰাকীক আগন্তুক বৰ্ষত এখন বিগ বাজেটৰ ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰা দেখিবলৈ পোৱা যাব । অভিনয়েকে জীৱনৰ মূলমন্ত্ৰ কৰি লোৱা দিপ্তীৰ কৃতকাৰ্যতাৰে উৎফুল্লিত সমগ্ৰ যোৰহাটবাসী । অভিনয়েৰে সমগ্ৰ দেশতে তেওঁৰ নাম সকলোৰে মুখে মুখে হওক আমি জনালোঁ আন্তৰিক শুভেচ্ছা ।