উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনাঃ হোজাই জিলাৰ উন্নয়ন কমিটিৰ সভা

193

উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনাঃ হোজাই জিলাৰ উন্নয়ন কমিটিৰ সভা

জমিৰউদ্দিন তালুকদাৰ, ডবকা ২৭ অক্টোবৰঃ হোজাই জিলাৰ জিলা উন্নয়ন কমিটিৰ অক্টোবৰ মাহৰ সভাখন উপায়ুক্ত অনুপম চৌধুৰীৰ সভাপতিত্বত শংকৰদেৱ নগৰত থকা আৱৰ্ত্ত ভৱনৰ সভাকক্ষত অনুষ্ঠিত হয় ৷ সভাত উপায়ুক্তই জিলাখনৰ বিভিন্ন বিভাগৰ অধীনত ৰূপায়িত চৰকাৰী আঁচনি তথা উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ বুজ লয় ৷ উপায়ুক্তই জলজীৱন অভিযান, প্ৰধান মন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ), প্ৰধান মন্ত্ৰী আৱাস যোজনা (চহৰাঞ্চল), প্ৰধানমন্ত্ৰী কিষাণ যোজনা, প্ৰধানমন্ত্ৰী কৃষি সিঞ্চন যোজনা, মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিকে ধৰি বিভিন্ন উন্নয়নমূলক আঁচনিৰ ৰূপায়ণ সম্পৰ্কত বিতংভাৱে আলোচনা কৰে ৷ সভাত অংশগ্ৰহণ কৰা জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলে চৰকাৰী আঁচনি তথা উন্নয়নমূলক কামৰ ক্ষেত্ৰত তেওঁলোকে লোৱা কাৰ্যকৰী ব্যৱস্থাৰ সমান্তৰালকৈ তেওঁলোকে সন্মুখীন হৈ অহা সমস্যাসমূহৰ ওপৰত ব্যাখ্যা দাঙি ধৰে ৷ উপায়ুক্তই সভাত প্ৰতিটো বিভাগৰ অধীনত ৰূপায়ন হৈ থকা জনহিতকাৰী উন্নয়নমূলক কামসমূহৰ গতি তৰান্বিত কৰাৰ স্বাৰ্থত বিভাগসমূহক প্ৰয়োজনীয় সকলো কার্যব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ আজিৰ জিলা উন্নয়ন কমিটিৰ সভাত হোজাই জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষয়া দেবাশীষ বৈশ্য, অতিৰিক্ত উপায়ুক্ত (উন্নয়ন) গকুল চন্দ্ৰ ব্ৰহ্ম, মহকুমাধিপতি (সদৰ) সুদীপ নাথ, চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়াসকল প্ৰমুখ্যে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে ৷