৭০০০ জোপা গছ, এখন বনাঞ্চল আৰু এটা পথ

317

৭০০০ জোপা গছ, এখন বনাঞ্চল আৰু এটা পথ

জমিৰউদ্দিন তালুকদাৰ

হোজাই জিলাৰ ডবকা এইকেইদিন সংবাদ পত্ৰ, নিউজ চেনেল, ডিজিটেল মাধ্যমত খুব চৰ্চিত হৈছে ৷ চৰ্চাৰ বিষয় ডবকা বনাঞ্চল আৰু এটা প্ৰস্তাৱিত ফৰলেন পথ ৷ ডবকা-ডিফু সংযোগী ৰাষ্ট্ৰীয় ঘাইপথটো ফৰলেনলৈ সম্প্ৰসাৰণ কৰা হব ৷ ডবকা-ডিফু সংযোগী ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথটো ডবকা বনাঞ্চলৰ মাজেৰে পাৰ হৈছে ৷ দৈৰ্ঘ্য প্ৰায় ৮ কিলোমিটাৰ ৷ পথছোৱা ফৰলেনলৈ সম্প্ৰসাৰণ কৰাৰ ফলত ডবকা বনাঞ্চলৰ সাত হাজাৰ জোপা ভিন্ন প্ৰজাতিৰ গছ কাটিবলগীয়া হ’ব ৷ বন বিভাগৰ এক খবৰ মতে, ফৰলেন সম্প্ৰসাৰণৰ বাবে ৬৮০০ জোপা মান গছত নাম্বাৰিং কৰি দিয়া হৈছে ৷ তাৰে হাজাৰ জোপা মান হব মূল্যবান শাল গছ ৷ এই শাল গছবোৰৰ অধিকাংশ শ বছৰ পুৰণি ৷ শালগছৰ সমানে বহু পৰিমাণে চেগুণ, গমাৰী, তিতাচপা আদি অন্য গছো কটা যাব ৷

বনাঞ্চল ধ্বংস এতিয়া কোনো নতুন কথা হৈ থকা নাই ৷ এচাম প্ৰকৃতিপ্ৰেমীলোকে বনাঞ্চল সংৰক্ষণৰ দাবী তীব্ৰতৰ কৰাৰ সমানে এচাম অসাধু লোকে বন ধ্বংসযজ্ঞ চলাই আহিছে ৷ হোজাই জিলাৰ লামডিং সংৰক্ষিত বনাঞ্চলৰ ভিতৰত ৬৭০ টা পৰিয়ালে বনভূমিত বাস কৰি আহিছে ৷ কেবাটাও চুবুৰী গঢ় লৈ উঠিছে বন বিভাগৰ সংৰক্ষিত ভূমিত ৷ সংৰক্ষিত বনাঞ্চলৰ পৰা বন ধ্বংস কৰাৰ পিছত সেই খালি ভূমিত মানুহৰ বসতি স্থাপনৰ পৰম্পৰাই বনভূমি সংকুচিত কৰি আহিছে ৷ দেশৰ ভিতৰত সৰ্বাধিক বনাঞ্চল হ্ৰাস পাইছে অসমত ৷ শেহতীয়াকৈ আমেৰিকাৰ মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ এদল গৱেষকে চলোৱা অধ্যয়নত এই উদ্বেগজনক তথ্য পোহৰলৈ আহিছে ৷ গৱেষণা মতে, ২০০১ চনৰ পৰা ২০২০ চনলৈ অসমত সৰ্বাধিক ১৪·১ শতাংশ বনাঞ্চল হ্ৰাস পাইছে ৷ অকল ২০২০ বৰ্ষত সমগ্ৰ দেশত ১ লাখ ৪৩ হাজাৰ হেক্টৰ ভূমিৰ পৰাই বনাঞ্চল ধ্বংস হৈছে ৷ সমগ্ৰ বিশ্বৰ প্ৰেক্ষাপটতো বন সংৰক্ষণ এতিয়া এক আন্দোলন হৈ পৰিছে ৷ বিশ্ববেংকৰ এক ৰিপৰ্ট অনুযায়ী ১৯৯০ চনৰ পৰা ২০১৬ চনলৈ সমগ্ৰ বিশ্বত ৫০,২০০০ বৰ্গ মাইল (১·৩ মিলিয়ন কিলোমিটাৰ) বনাঞ্চল ধ্বংস হৈছে ৷ বন ধ্বংস হোৱা ভূমিৰ পৰিমাণ দক্ষিণ আফ্ৰিকাৰ দৰে দেশ এখনতকৈ বেছি ৷ এয়া সাধাৰণ কথা নহয় ৷ বিগত ৫০ বছৰত এমাজন বৰ্ষাৰণ্যৰ ১৭ শতাংশ বনাঞ্চল ধ্বংস কৰা হৈছে ৷ অসমত দ্ৰুত হাৰত বেদখল হৈছে বনাঞ্চলৰ ভূমি ৷ এক চৰকাৰী তথ্য মতে, অসমৰ মুঠ বনাঞ্চলৰ ২২ শতাংশ ভূমি বেদখলকাৰীৰ কৱলত ৷ চৰকাৰী তথ্য মতে, অসমত ১৭,৩৯,৩০১·৭২ হেক্টৰ মাটি বনাঞ্চলৰ ৷ তাৰে ৩,৮৭,৮৮৫·৪৫ হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্যৰ লগতে বিভিন্ন বনাঞ্চলৰ কাষৰীয়া লোকে বেদখল কৰিছে ৷ ২০১৯ চনত সেই সময়ৰ সংসদীয় পৰিক্ৰমা বিভাগ আৰু বৰ্তমানৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সদনত জানিবলৈ দিয়ে ৷ ২৭ জুন ২০২১ ত ‘দ্যা ইকনমিক টাইমচ’ত প্ৰকাশিত এক বাতৰি মতে, ২০১৬-‘২০ চনৰ ভিতৰত অসম চৰকাৰৰ বন বিভাগে অভিযান চলাই বেদখলকাৰীৰ কৱলৰ পৰা ৩৪০০ হেক্টৰ ভূমি মুক্ত কৰিছে ৷ বনভূমিত সাজি উলিওৱা ২৯৬০ টা ঘৰ, অবৈধ বাসস্থান ভাঙিছে ৷

দেশত দ্ৰুত হাৰত বনাঞ্চল হ্ৰাস পোৱাৰ সময়ত স্বাভাৱিক বতৰতো ব্যাঘাত জন্মিছে ৷ গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ ওপৰত সমগ্ৰ বিশ্ব চিন্তিত ৷ ১৮৮০ আৰু ১৯৮০ চনৰ ভিতৰত বিশ্বব্যাপী বাৰ্ষিক তাপমাত্ৰা প্ৰতি দশকত গড় হিচাপত ০.১৩ ডিগ্ৰী ফাৰেনহাইট (০.০৭ ডিগ্ৰী চেলচিয়াছ) হাৰত বৃদ্ধি হৈছিল ৷ ১৯৮১ চনৰ পৰা বৃদ্ধিৰ হাৰ প্ৰতি দশকত ০.৩২ ডিগ্ৰী ফাৰেনহাইট (০.১৮ ডিগ্ৰী চেণ্টিগ্ৰেড) লৈ বৃদ্ধি হৈছে ৷ ইয়াৰ ফলত প্ৰাক-ঔদ্যোগিক যুগৰ তুলনাত আজি বিশ্বব্যাপী গড় উষ্ণতা সামগ্ৰিকভাৱে ৩.৬ ডিগ্ৰী ফাৰেনহাইট (২ ডিগ্ৰী চেণ্টিগ্ৰেড) বৃদ্ধি হৈছে ৷ ২০১৯ চনত, ভূমি আৰু মহাসাগৰৰ ওপৰত গড় গোলকীয় তাপমাত্ৰা বিংশ শতিকাৰ গড়তকৈ ১.৭৫ ডিগ্ৰী ফাৰেনহাইট (০.৯৫ ডিগ্ৰী চেণ্টিগ্ৰেড) অধিক আছিল ৷ ই ২০১৬ চনৰ পিছতে দ্বিতীয় গৰম বছৰ আছিল ৷ মুঠতে পাৰিপাৰ্শ্বিক অৱস্থা সুস্থিৰ ৰখা সমগ্ৰ বিশ্বৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰিছে ৷ সেই সময়ত আমি বনানীকৰণৰ বিপৰীতে বনধ্বংসৰ যজ্ঞ পতা আৰম্ভ কৰিছো ৷ এয়া চিন্তাৰ বিষয় ৷

হোজাই জিলাৰ ডবকা সংৰক্ষিত বনাঞ্চলৰ মাজেদি পাৰ হৈ যোৱা ডবকা-ডিফু সংযোগী ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ চাৰি শাৰীলৈ সম্প্ৰসাৰণ কৰিলে ডবকা ডবকা বনাঞ্চলৰ পৰা ৭০০০ হাজাৰ জোপা মূল্যবান গছ কাটিবলগীয়া হব ৷ বনাঞ্চলৰ মাজেদি যোৱা বৰ্তমানৰ ঘাইপথছোৱা ফৰলেনলৈ সম্প্ৰসাৰণ হ’লে অকল যে শ বছৰ পুৰণি শালগছ কেইজোপা যাব, সেয়া নহয় ৷ বৰং জীৱকুললৈ সংকট নামি আহিব ৷ ডবকা বনাঞ্চল হল হাতীৰ বসতিস্থল ৷ বন বিভাগৰ ৰেকৰ্ড অনুযায়ী ডবকা বনাঞ্চলত ডেৰশ জনীয়া এটা বৃহৎ হাতীৰ জাক আছে ৷ পাহাৰৰ নামনিৰ সমতল ভূমিত এই হাতীৰ জাকে চৰে ৷ দেউলা বিলৰ পানীত হাতীৰ জলকেলি সুলভ দৃশ্য ৷ শীতৰ বতৰত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বৃহৎ হাতীৰ জাকটো দেখা যায় ৷ কাজিৰঙা উদ্যানৰ লগত সংযুক্ত ডবকা বনাঞ্চল অন্য বহু জীৱ-জন্তুৰো বাসস্থান ৷ বাৰিষাত কাজিৰঙা বানত ডুব যোৱাৰ পিছত কাৰ্বি পাহাৰ হৈ ডবকা সংৰক্ষিত বনাঞ্চলত আহি বহু জীৱ-জন্তুৱে আশ্ৰয় লয় ৷ ডবকা বনাঞ্চলৰ অন্তৰ্ভাগত বনৰৌ, কেটেলাপহু, নাহৰফুটুকী বাঘ, পহু, বিভিন্ন প্ৰজাতিৰ সাপ, ধনেশ চৰাই (হৰ্ণবিল) আদি পোৱা যায় ৷ পথ সম্প্ৰসাৰণৰ নামত বন ধ্বংস হলে এইবোৰ জীৱলৈ সংকট নামি আহিব ৷ একেদৰে ডবকা বনাঞ্চলত শাল, চেগুন, গমাৰী, তিতাচপা, বগীকমা, বাগনলা, ভাতঘিলা, শিলিখা, ভোমোৰা, আমলখি, দুধ কছু, ঔটেঙাৰ লগতে বিভিন্ন প্ৰজাতিৰ ঔষধি গুণযুক্ত গছ-গছনি পোৱা যায় ৷ পথ সম্প্ৰসাৰণৰ নামত সেইবোৰ ধ্বংস কৰা হব ৷ ডবকা বনাঞ্চলত দুষ্প্ৰাপ্য হলৌ বান্দৰৰ বসতিস্থল ৷ হলৌ বান্দৰ ৰাস্তাৰ ইপাৰ-সিপাৰ হয় গছৰ ওপৰেদি ৷ বৰ্তমানৰ পথছোৱা বহল হোৱাৰ লগে লগে হলৌ বান্দৰ বিপদাপন্ন হব ৷ অবৈজ্ঞানিক পদ্ধতিৰে আৰু বিকল্প ব্যৱস্থা থকাৰ সময়ত বৰ্তমানৰ পথছোৱা ফৰলেন হলে ই হব সম্পূৰ্ণ প্ৰকৃতিবিৰোধী চিন্তা ৷ ডবকাৰ যুৱ সমাজ, দল-সংগঠনে ‘শালবাগান বচাও’ শীৰ্ষক এক আন্দোলন আৰম্ভ কৰিছে ৷ উত্তৰাখণ্ডৰ চিপকো আন্দোলনৰ সৈতে এই আন্দোলন ৰিজালে অত্যুক্তি কৰা হব ৷ কিন্তু ডবকাৰ জংগল বচাও আন্দোলনে বিস্তাৰ আৰু প্ৰসাৰতা লাভ কৰিছে ৷ এই আন্দোলনক গতি দিয়া ছাত্ৰ নেতা আহমদ হুছেইন, জাইদুল লস্কৰ, মইনুল হক, মিজানুৰ ৰহমান লস্কৰ, মইদুল আলম বৰভূঞা, চাদ্দাম হুছেইন তালুকদাৰ, জাহাংগীৰ আলম, আইনৰ ছাত্ৰী ফৰমিন বেগম ধন্যবাদৰ পাত্ৰ ৷